+ -

عن عبد الله بن عمرو رضي الله عنهما عن النبي صلى الله عليه وسلم قال:
«مَنْ قَتَلَ مُعَاهَدًا ‌لَمْ ‌يَرَحْ ‌رَائِحَةَ الْجَنَّةِ، وَإِنَّ رِيحَهَا تُوجَدُ مِنْ مَسِيرَةِ أَرْبَعِينَ عَامًا».

[صحيح] - [رواه البخاري] - [صحيح البخاري: 3166]
المزيــد ...

আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে কোনো চুক্তিবদ্ধ ব্যক্তিক হত্যা কৰিব, সি জান্নাতৰ ঘ্রাণো নাপাব। অথচ ইয়াৰ ঘ্রাণ চল্লিশ বছৰ দূৰত্বৰ পৰা পোৱা যায়।"

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 3166]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা কঠোৰ সতৰ্কবাণী দিছে যে, যিয়ে কোনো চুক্তিবদ্ধ ব্যক্তিক হত্যা কৰিব, সি জান্নাতৰ ঘ্ৰাণো নাপাব, অথচ জান্নাতৰ সুগন্ধি চল্লিশ বছৰ দূৰত্বৰ পৰাও পোৱা যায়। চুক্তিবদ্ধ ব্যক্তিৰ দ্বাৰা সেই অমুছলিম ব্যক্তিক বুজোৱা হৈছে, যিয়ে নিৰাপত্তাৰ চুক্তিৰ অধীনত মুছলিম দেশত বাস কৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নিৰাপত্তাধীন জিম্মী প্ৰতিশ্ৰুতিবদ্ধ অমুছলিম ব্যক্তিক হত্যা কৰা হাৰাম, তথা এইটো হৈছে কাবীৰাহ গুনাহ বা মহাপাপ।
  2. চুক্তিবদ্ধঃ এনেকুৱা অমুছলিম ব্যক্তি যাক এই চৰ্তত মুছলিম দেশত বসবাস কৰাৰ অনুমতি প্ৰদান কৰা হৈছে যে, সি মুছলিমসকলৰ লগত যুদ্ধ নকৰিব আৰু মুছলিমসকলেও তাৰ লগত যুদ্ধ নকৰিব। আনহাতে জিম্মী হৈছে সেই ব্যক্তি যিয়ে কৰ প্ৰদান কৰি মুছলিম দেশৰ নাগৰিক হৈছে। আনহাতে মুস্তা'মান হৈছে সেই ব্যক্তি, যিয়ে এটা নিৰ্দিষ্ট সময়ৰ বাবে নিৰাপত্তাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰি মুছলিম দেশত প্ৰৱেশ কৰিছে।
  3. অমুছলিমৰ সৈতে প্ৰতিশ্ৰুতি ভংগৰ পৰা সতৰ্ক কৰা হৈছে।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف আজেৰি ইউক্ৰেইনীয়ান الجورجية
অনুবাদ চাওক
অধিক