عَنِ ابْنِ عَبَّاسٍ رَضيَ اللهُ عنهُما أَنَّ رَسُولَ اللهِ صلى الله عليه وسلم:
نَهَى عَنْ كُلِّ ذِي نَابٍ مِنَ السِّبَاعِ، وَعَنْ كُلِّ ذِي مِخْلَبٍ مِنَ الطَّيْرِ.

[صحيح] - [رواه مسلم] - [صحيح مسلم: 1934]
المزيــد ...

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে
প্ৰত্যেক চোকা দাঁত থকা হিংস্ৰ প্ৰাণী আৰু নখ (ৰ দ্বাৰা চিকাৰ কৰা) চৰাইৰ (মাংস খোৱাৰ) পৰা নিষেধ কৰিছে।

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 1934]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত হিংস্ৰ প্ৰাণীৰ মাংস খাবলৈ নিষেধ কৰিছে, যিবোৰে নিজৰ চোকা দাঁতেৰে চিকাৰ কৰে, আৰু প্ৰত্যেক সেইবোৰ চৰাইৰ মাংস খাবলৈ নিষেধ কৰিছে, যিবোৰে নিজৰ নখেৰে চিকাৰ কৰে আৰু নখেৰে ধৰি ৰাখে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. ইছলামে সকলো ক্ষেত্ৰতে পৱিত্ৰতাৰ প্ৰতি উৎসাহিত কৰিছে, খাদ্য দ্ৰৱ্যই হওক বা কোনো পানীয় আদি।
  2. খোৱাৰ ক্ষেত্ৰত সকলো বস্তুৱে হালাল, কেৱল সেইটো হাৰাম যিটো হাৰাম হোৱাৰ প্ৰমাণ আছে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإندونيسية অধিক (50)