+ -

عن عبد الله بن عمرو رضي الله عنهما قال:
لَمْ يَكُنِ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَاحِشًا وَلَا مُتَفَحِّشًا، وَكَانَ يَقُولُ: «إِنَّ مِنْ خِيَارِكُمْ أَحْسَنَكُمْ أَخْلَاقًا».

[صحيح] - [متفق عليه] - [صحيح البخاري: 3559]
المزيــد ...

আব্দুল্লাহ ইবনে আমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও অশ্লীল নাছিল আৰু অশ্লীল কথা আৰু কৰ্মও কৰা নাছিল। তেওঁ কৈছেঃ "নিশ্চয় তোমালোকৰ মাজত উত্তম হৈছে সেইজন, যিজন উত্তম চৰিত্ৰৰ অধিকাৰী।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 3559]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও অশ্লীল কথা কোৱা নাছিল অথবা কেতিয়াও অশ্লীল কৰ্ম কৰা নাছিল। তেখেতে ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱেও কৰা নাছিল। আনকি তেখেত সুউচ্চ মহান চৰিত্ৰৰ অধিকাৰী আছিল।
তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহৰ দৃষ্টিত তোমালোকৰ মাজত উত্তম হৈছে সেইজন ব্যক্তি, যিজন উত্তম চৰিত্ৰৰ অধিকাৰী। উত্তম চৰিত্ৰ হৈছে, সৎকৰ্ম কৰা, হাঁহিমুখে মানুহৰ সৈতে সাক্ষাৎ কৰা, কাকো কষ্ট নিদিয়া, মানুহে দিয়া কষ্টত ধৈৰ্য্য ধাৰণ কৰা, লগতে মানুহৰ সৈতে সদাচৰণ কৰা।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. অশ্লীলতা বৰ্জন কৰাটো মুমিনৰ বাবে অনিবাৰ্য, যেনে- বেয়া কৰ্ম তথা বেয়া কথা আদি পৰিহাৰ কৰা।
  2. এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পূৰ্ণাংগ সচ্চৰিত্ৰৱান হোৱাৰ প্ৰমাণ যে, তেখেতে উত্তম কথা আৰু নেক আমলৰ বাহিৰে আন একো কৰা নাছিল।
  3. উত্তম চৰিত্র হৈছে মুমিনসকলৰ বাবে প্রতিযোগিতাৰ বিষয়। যিয়ে এই ক্ষেত্ৰত অগ্রগামী হ’ব তেৱেঁই হ’ব উত্তম মুমিন তথা পৰিপূর্ণ ঈমান্দাৰ।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক