عن ابن عباس رضي الله عنهما : أن رسول الله صلى الله عليه وسلم لما بعث معاذا إلى اليمن قال له: "إنك تأتي قوما من أهل الكتاب، فليكن أولَ ما تدعوهم إليه شهادة أن لا إله إلا الله" -وفي رواية: "إلى أن يوحدوا الله-، فإن هم أطاعوك لذلك فأعلمهم أن الله افترض عليهم خمس صلوات في كل يوم وليلة، فإن هم أطاعوك لذلك فأعلمهم أن الله افترض عليهم صدقة تؤخذ من أغنيائهم فَتُرَدُّ على فقرائهم، فإن هم أطاعوك لذلك فإياك وكَرَائِمَ أموالِهم، واتق دعوة المظلوم فإنه ليس بينها وبين الله حجاب".
[صحيح] - [متفق عليه]
المزيــد ...

ইবনু আব্বাছ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মু‘আজ ৰাদ্বিয়াল্লাহু ‘আনহুক ইয়ামানলৈ প্রেৰণ কৰিলে, তেতিয়া তেখেতে তেওঁক কৈছিলঃ "c2">“শুনা! তুমি আহলে কিতাবসকলৰ ওচৰলৈ অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলৰ ওচৰলৈ গৈ আছা। গতিকে সিহঁতক প্ৰথমে এই কথাৰ সাক্ষ্য প্ৰদান কৰিবলৈ আহ্বান কৰিবা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মই (মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম) আল্লাহৰ প্ৰেৰিত ৰাছুল। এইটো সিহঁতে মানি ল'লে সিহঁতক জনাই দিবা যে, আল্লাহে সিহঁতৰ ওপৰত দিনে ৰাতি পাঁচ ওৱাক্ত নামাজ ফৰজ কৰিছে। এইটোও সিহঁতে মানি ল'লে সিহঁতক জনাই দিবা যে, আল্লাহে সিহঁতৰ সম্পদত যাকাত ফৰজ কৰিছে, যিটো সিহঁতৰ মাজৰ ধনীসকলৰ পৰা সংগ্ৰহ কৰি দুখীয়াসকলৰ মাজত বিতৰণ কৰা হ'ব। এইটোও যদি সিহঁতে মানি লয় তেন্তে সাৱধান! সিহঁতৰ উত্তম সম্পদ লোৱাৰ পৰা বিৰত থাকিবা। তথা নিজকে নিৰ্যাতিত লোকৰ অভিশাপৰ পৰা আঁতৰত ৰাখিবা, কিয়নো সিহঁতৰ প্ৰাৰ্থনা আৰু আল্লাহৰ মাজত কোনো ধৰণৰ প্ৰতিবন্ধক নাই, (অৰ্থাৎ, সিহঁতৰ দুআ শীঘ্রে কবুল হৈ যায়)।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মু‘আজ ইবনে জাবাল ৰাদ্বিয়াল্লাহু আনহুক আল্লাহৰ পিনে আহ্বানকাৰী আৰু শিক্ষক হিচাপে ইয়ামান প্ৰদেশলৈ প্ৰেৰণ কৰিলে তেতিয়া তেখেতে তেওঁৰ বাবে এটা পৰিকল্পনা আঁকি দিলে যাতে তেওঁ দাৱাতী ময়দানত ইয়াৰ ওপৰত আমল কৰিব পাৰে। তেখেতে তেওঁক কৈছিলঃ “নিশ্চয় তুমি বিতৰ্কপ্ৰিয় জ্ঞানী ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ মুখামুখী হ’বা, গতিকে সিহঁতৰ সৈতে তর্ক কৰিবলৈ আৰু সিহঁতৰ সন্দেহ-সংশয় দূৰ কৰিবলৈ প্ৰস্তুত থাকিবা। ইয়াৰ পিছত যিটো বিষয় বেছি গুৰুত্বপূর্ণ সেইটোক অগ্ৰাধিকাৰ দিবা। এতেকে প্ৰথমে মানুহক আক্বীদা সংশোধনৰ ফালে আহ্বান কৰিবা। কাৰণ, এইটোৱেই হৈছে মূল। যেতিয়া সিহঁতে এইটো মানি ল’ব তেতিয়া সিহঁতক চালাত কায়েম কৰাৰ প্ৰতি দাৱাত প্ৰদান কৰিবা। কাৰণ, তাওহীদৰ পিছত সর্বাধিক গুৰুত্বপূর্ণ ওৱাজিব হৈছে চালাত। সিহঁতে যদি এইটো মানি লয়, তেন্তে সিহঁতৰ মাজৰ যিসকল সম্পদশালী ব্যক্তি সিহঁতক নির্দেশ দিবা যে, সিহঁতে যেন নিজৰ সম্পদৰ যাকাত উলিয়াই দৰিদ্ৰসকলক প্ৰদান কৰে, আল্লাহৰ নি‘আমতৰ চুকৰিয়া আদায় কৰি তথা দৰিদ্ৰসকলৰ প্ৰতি সহানুভুতি হিচাপে। ইয়াৰ পিছত তেখেতে তেওঁক উৎকৃষ্ট সম্পদ গ্রহণ কৰিবলৈ সতর্ক কৰিছে। কাৰণ, ওৱাজিব হৈছে মধ্যম পৰ্যায়ৰ সম্পদ গ্রহণ কৰা। ইয়াৰ পিছত তেখেতে তেওঁক ইনচাফ তথা ন্যায় প্ৰতিষ্ঠা কৰাৰ আৰু অন্যায় নকৰাৰ প্ৰতি উৎসাহ প্ৰদান কৰিছে। যাতে অত্যাচাৰিত ব্যক্তিয়ে তেওঁৰ বিপক্ষে বদ্দু‘আ নকৰে। কাৰণ, সিহঁতৰ বদ্দু‘আ দ্ৰুত গ্ৰহণযোগ্য।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আল্লাহৰ প্ৰতি আহ্বান কৰিবলৈ প্ৰচাৰক প্রেৰণ কৰা বৈধ।
  2. আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই- এই কথাৰ সাক্ষ্য দিয়াটো হৈছে সর্বপ্ৰথম ওৱাজিব। মানুহক সর্ব প্ৰথম এই কথাৰ পিনেই দাৱাত প্ৰদান কৰা উচিত।
  3. কলিমা শ্বাহাদাতৰ অর্থ হৈছে একমাত্ৰ আল্লাহৰেই ইবাদত কৰা আৰু তেওঁৰ বাহিৰে অন্যান্য যিবোৰক উপাসনা কৰা হয় সেই সকলোবোৰক প্ৰত্যাখ্যান কৰা।
  4. কেতিয়াবা মানুহে কলিমা শ্বাহাদত স্বীকাৰ কৰে; কিন্তু সি তাৰ অর্থ নাজানে অথবা জানিলেও সেই অনুযায়ী আমল নকৰে, সেই ব্যক্তি হৈছে আহলে কিতাবসকলৰ দৰে।
  5. আলিমসকলৰ সম্বোধন অজ্ঞসকলক সম্বোধন কৰাৰ দৰে নহয়। নিশ্চয় তুমি এনেকুৱা এটা সম্প্রদায়ৰ ওচৰলৈ যাবা, যিসকল হৈছে আহলে কিতাব।
  6. ইয়াত সতর্ক কৰা হৈছে যে, এজন মানুহৰ বাবে বিশেষকৈ এজন দা‘ঈৰ বাবে জৰুৰী হৈছে ধৰ্ম সম্পৰ্কে তেওঁ বিচক্ষণ হোৱা উচিত, যাতে তেওঁ সন্দেহবাদীসকলৰ সংশয়সমূহ দূৰ কৰিব পাৰে। আৰু এইটো জ্ঞান অৰ্জনৰ মাধ্যমতহে সম্ভৱ।
  7. কলিমা শ্বাহাদাতৰ পিছত আটাইতকৈ ডাঙৰ ওৱাজিব হৈছে চালাত।
  8. পাঁচ ওৱাক্ত চালাত ফৰজ।
  9. বিতিৰৰ চালাত ওৱাজিব নহয়।
  10. চালাতৰ পিছত আটাইতকৈ গুৰুত্বপূর্ণ ৰুকন হৈছে যাকাত।
  11. ধনীসকলক যাকাত দিয়া বৈধ নহয়।
  12. যাকাতৰ শিতানসমূহৰ পৰা এটি শিতানৰ বর্ণনা। তেওঁলোক হৈছে দৰিদ্ৰসকল। কেৱল তেওঁলোকক প্ৰদান কৰিলেও কোনো অসুবিধা নাই। এতেকে যাকাতৰ আঠটা শিতানৰ সকলোকে দিয়া ওৱাজিব নহয়।
  13. এই হাদীছৰ পৰা প্ৰতিয়মান হয় যে, প্ৰত্যেকে নিজৰ নিজৰ দেশৰ দৰিদ্ৰসকলক যাকাত প্ৰদান কৰিব লাগে। যদি কোনো বৃহত্তৰ স্বার্থত বেলেগ কোনো দেশলৈ যাকাত স্থানান্তৰ কৰা হয় তাতো কোনো ক্ষতি নাই। উদাহৰণস্বৰূপে অন্য দেশৰ মানুহ নিজৰ দেশৰ মানুহতকৈ অধিক বেছি অভাৱী অথবা তাত কোনো দৰিদ্ৰ আত্মীয় আছে।
  14. কাফিৰসকলক যাকাত প্ৰদান কৰা নাযাব।
  15. সম্পদৰ গৰাকীৰ অনুমতি নোহোৱাকৈ উৎকৃষ্ট সম্পদ যাকাত হিচাপে গ্রহণ কৰা নাযাব।
  16. উৎকৃষ্ট সম্পদ বাচি বাচি যাকাত হিচাপে গ্রহণ কৰা হাৰাম। কেৱল মধ্যম পৰ্যায়ৰ সম্পদহে যাকাত হিচাপে গ্রহণ কৰিব লাগে।
  17. অন্যায়-অত্যাচাৰৰ পৰা আঁতৰি থকা উচিত। জানি ৰখা উচিত যে, মযলুম বা অত্যাচাৰিত ব্যক্তিৰ দু‘আ গ্রহণযোগ্য। যদিও সি গুনাহগাৰ নহওক কিয়।
অধিক