عَنْ مُعَاذٍ رَضِيَ اللَّهُ عَنْهُ، قَالَ:
كُنْتُ رِدْفَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَلَى حِمَارٍ يُقَالُ لَهُ عُفَيْرٌ، فَقَالَ: «يَا مُعَاذُ، هَلْ تَدْرِي حَقَّ اللَّهِ عَلَى عِبَادِهِ، وَمَا حَقُّ العِبَادِ عَلَى اللَّهِ؟»، قُلْتُ: اللَّهُ وَرَسُولُهُ أَعْلَمُ، قَالَ: «فَإِنَّ حَقَّ اللَّهِ عَلَى العِبَادِ أَنْ يَعْبُدُوهُ وَلا يُشْرِكُوا بِهِ شَيْئًا، وَحَقَّ العِبَادِ عَلَى اللَّهِ أَنْ لا يُعَذِّبَ مَنْ لا يُشْرِكُ بِهِ شَيْئًا»، فَقُلْتُ: يَا رَسُولَ اللَّهِ أَفَلاَ أُبَشِّرُ بِهِ النَّاسَ؟ قَالَ: «لا تُبَشِّرْهُمْ، فَيَتَّكِلُوا».
[صحيح] - [متفق عليه] - [صحيح البخاري: 2856]
المزيــد ...
মুআজ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে গাধৰ পিঠিত বহি আছিলোঁ, যাৰ নাম আছিল উফাইৰ। তেনেতে তেখেতে ক'লেঃ "হে মুআজ! তুমি জানানে বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য কি, আৰু আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য কি?" মই ক'লোঁঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেতিয়া তেখেতে ক'লেঃ " বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য হৈছে, তেওঁ যেন সেই ব্যক্তিক শাস্তি প্ৰদান নকৰে যিয়ে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই।" এই শুনি মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! এই সুসংবাদটো মই মানুহক জনাই দিওঁ নেকি? তেখেতে ক'লেঃ "সিহঁতক এই সুসংবাদ নিদিবা, কাৰণ সিহঁতে ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব"।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 2856]
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বান্দাৰ ওপৰত থকা আল্লাহৰ হক আৰু আল্লাহৰ ওপৰত থকা বান্দাৰ হক সম্পৰ্কে স্পষ্টভাৱে বৰ্ণনা কৰিছে। এতেকে বান্দাৰ ওপৰত আল্লাহৰ হক হৈছে, সিহঁতে যেন একমাত্ৰ আল্লাহৰেই ইবাদত কৰে আৰু তেওঁৰ সৈতে আন কাকো যেন অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওপৰত বান্দাৰ হক হৈছে, তেওঁ যেন তাওহীদ পন্থী লোকসকলক শাস্তি প্ৰদান নকৰে, অৰ্থাৎ যিসকলে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই। ইয়াৰ পিছত মুআজে ক'লেঃ হে আল্লাহৰ ৰাছুল! এই সুসংবাদটো মই মানুহক জনাই দিওঁনে, যাতে মানুহে আনন্দিত হয় আৰু এই অনুগ্ৰহক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰে। কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক বিষয়টো জনাবলৈ নিষেধ কৰিলে, এই আশংকাত যে হয়তো মানুহে ইয়াৰ ওপৰত ভৰসা কৰি আমল কৰা পৰিত্যাগ কৰিব।