عَنْ أَنَسٍ رضي الله عنه قَالَ:
جَاءَ رَجُلٌ إِلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَقَالَ: يَا رَسُولَ اللهِ، مَا تَرَكْتُ حَاجَّةً وَلَا دَاجَّةً إِلَّا قَدْ أَتَيْتُ، قَالَ: «أَلَيْسَ تَشْهَدُ أَنْ لَا إِلَهَ إِلَّا اللهُ وَأَنَّ مُحَمَّدًا رَسُولُ اللهِ؟» ثَلَاثَ مَرَّاتٍ. قَالَ: نَعَمْ، قَالَ: «فَإِنَّ ذَلِكَ يَأْتِي عَلَى ذَلِكَ».

[صحيح] - [رواه أبو يعلى والطبراني والضياء المقدسي] - [الأحاديث المختارة للضياء المقدسي: 1773]
المزيــد ...

আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ
এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! মই (ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে) সৰু বৰ কোনো গুনাহেই বাদ দিয়া নাই। এই কথা শুনি তেখেতে ক'লেঃ তুমি এই সাক্ষ্য দিয়া নাইনে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল?, এই কথা তেখেতে তিনিবাৰ কৈছিল। ব্যক্তিজনে ক'লেঃ হয়। তাৰ পিছত তেখেতে ক'লেঃ "নিশ্চয় এইটোৱে সেইবোৰক পৰাজিত কৰিব"

[ছহীহ] - [(আবু ইয়ালা, তাবৰাণী আৰু জিয়া মাক্বদিছী)] - [জিয়া মাক্বদিছীৰ নিৰ্বাচিত হাদীছসমূহ - 1773]

ব্যাখ্যা

এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক আহি ক'লেঃ হে আল্লাহৰ ৰাছুল! মই সকলো প্ৰকাৰ গুনাহ কৰিছোঁ, সৰু বৰ কোনো গুনাহেই মই বাদ দিয়া নাই, এতিয়া মোক ক্ষমা কৰা হ'বনে? তেতিয়া তেওঁক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তুমি এই সাক্ষ্য দিয়া নাইনে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল? তেখেতে এই কথা তিনিবাৰ কৈছিল। সেই ব্যক্তিয়ে উত্তৰ দিলে, হয় মই সাক্ষ্য দিছোঁ। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিজনক শ্বাহাদত কলিমাৰ গুৰুত্ব সম্পৰ্কে জনাই ক'লে যে, এই কথাৰ স্বীকাৰোক্তি দিলে গুনাহ মাৰ্জিত হয় আৰু তাওবা কৰিলে পূৰ্বৱৰ্তী সকলো গুনাহ মাফ হৈ যায়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. হাদীছটোত শ্বাহাদত কলিমাৰ গুৰুত্ব বৰ্ণনা কৰা হৈছে, আৰু যিয়ে ইয়াক নিষ্ঠা সহকাৰে আন্তৰিকতাৰে স্বীকাৰ কৰিব তাৰ গুনাহ মাফ হৈ যাব।
  2. ইছলাম গ্ৰহণ কৰিলে পূৰ্বৱৰ্তী সকলো গুনাহ মাফ হয়।
  3. সত্য তাওবাৰ জৰিয়তেও পূৰ্বৱৰ্তী সকলো গুনাহ মাফ হয়।
  4. কিবা শিকাবলৈ তিনিবাৰ কোৱাটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নীতি আছিল।
  5. হাদীছটোত শ্বাহাদাতাইন বাক্য দুটাৰ ফজিলত বৰ্ণিত হৈছে, লগতে কোৱা হৈছে যে, এই কলিমাটো হৈছে জাহান্নামত চিৰস্থায়ী হোৱাৰ পৰা ৰক্ষা পোৱাৰ অন্যতম কাৰণ।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (69)
অধিক