عن أبي سعيد وأبي هريرة رضي الله عنهما مرفوعاً: «ما يُصيب المسلم من نَصب، ولا وصَب، ولا هَمِّ، ولا حَزن، ولا أَذى، ولا غَمِّ، حتى الشوكة يُشاكها إلا كفر الله بها من خطاياه».
[صحيح] - [متفق عليه]
المزيــد ...

আবু ছা‘ঈদ খুদৰী আৰু আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা মাৰফু‘ হিচাপে বৰ্ণিত, ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“মুছলিম ব্যক্তিৰ ওপৰত যিবোৰ যাতনা, ৰোগ-ব্যাধি, উদ্বেগ-উৎকন্ঠা, দুশ্চিন্তা, কষ্ট তথা বিপদ-আপদ আপতিত হয়, আনকি শৰীৰত যি কাইট বিন্ধে, এই সকলোবোৰৰ বাবে আল্লাহে তাৰ গুনাহ ক্ষমা কৰি দিয়ে।” ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

হাদীছৰ ভাৱাৰ্থ: মুছলিম ব্যক্তিৰ ওপৰত যিবোৰ ৰোগ-ব্যাধি, উদ্বেগ-উৎকন্ঠা, দুশ্চিন্তা, বিপদ-আপদ, কষ্ট, ভয়-ভীতি, অধৈর্য্য আৰু পৰেচানী আপতিত হয়, এইবোৰ তাৰ গুনাহৰ কাফ্ফাৰা আৰু পাপসমূহ মোচনকাৰী হৈ যায়। লগতে মানুহে যদি এইবোৰৰ সৈতে ধৈর্য্য আৰু ছোৱাবৰ আশা যুক্ত কৰে, তেন্তে তেওঁ ইয়াৰ ফলত ছোৱাবো লাভ কৰিব। এতেকে মুচিবত হৈছে দুই প্ৰকাৰ: একপ্ৰকাৰ হৈছে: মানুহ যেতিয়া মুচিবতত পতিত হয় তেতিয়া যদি সি ধৈর্য্য ধাৰণ কৰে আৰু ছোৱাব প্ৰত্যাশা কৰে তেনেহ’লে তেওঁ দুটা প্ৰতিদান লাভ কৰিব, এটা হৈছে গুনাহ মাফ আৰু আনটো হৈছে ছোৱাব বৃদ্ধি। আৰু দ্বিতীয় প্ৰকাৰটো হৈছে: যেতিয়া সি ছোৱাবৰ আশাৰ পৰা অমনোযোগী থাকে তথা বিপদত তাৰ অন্তৰ সংকীর্ণ হৈ যায় আৰু ইয়াৰ ফলত তাৰ অসন্তুষ্টি বা বিৰক্তি সৃষ্টি হয়, আৰু সি আল্লাহৰ ওচৰত পুৰস্কাৰ তথা ছোৱাবৰ নিয়ত কৰাৰ পৰা অমনোযোগী থাকে, তেতিয়া এই বিপদ কেৱল তাৰ গুনাহৰ কাফ্ফাৰাহে হ’ব। কিয়নো মুমিন সকলো অৱস্থাতেই লাভৱান। ছোৱাব লাভ নকৰাকৈ কেৱল গুনাহৰ কাফ্ফাৰা হ’ব; কিয়নো সি একোৱে নিয়ত কৰা নাই, সি ধৈর্য্য ধাৰণ কৰা নাই আৰু ছোৱাব লাভৰ আশাও কৰা নাই। অন্যথা তেওঁ গুনাহ মাফ আৰু ছোৱাব দুয়োটাই লাভ কৰিব যিটো ইতিপূর্বে আলোচনা কৰা হৈছে। এইকাৰণেই মানুহে বিপদাপদত পতিত হ’লে যদিও সৰু বিপদেই হওক উক্ত মুচিবতত ধৈর্য্য ধাৰণ কৰা উচিত আৰু ছোৱাবৰ নিয়ত কৰা উচিত; যাতে তেওঁ ছোৱাব লাভ কৰে আৰু তেওঁৰ গুনাহ মাফ হয়। এইটো মহান আল্লাহৰ দয়া আৰু বান্দাসকলৰ প্ৰতি তেওঁৰ অনুগ্রহ তথা বিশেষ নি‘আমত যে, তেওঁ মুমিনসকলক পৰীক্ষা কৰে আৰু উক্ত পৰীক্ষাত তাক ছোৱাব দান কৰে অথবা তাৰ গুনাহ মাফ কৰে। ইয়াত বিশেষভাৱে উল্লেখ্য যে, গুনাহ মাফ বোলোঁতে সৰু গুনাহক বুজোৱা হৈছে, কবীৰা গুনাহ বা ডাঙৰ গুনাহ নহয়; কিয়নো কবীৰা গুনাহ নিৰ্ভেজাল তাওবা অবিহনে ক্ষমা নহয়।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মুমিন ব্যক্তি ৰোগ ব্যাধি আৰু অন্যান্য যিবোৰ পৰীক্ষাৰ সন্মুখীন হৈ থাকে, সেইবোৰে তেওঁক গুনাহৰ পৰা পৱিত্ৰ কৰে, সেই বিপদ যিমানেই সৰু নহওক কিয়।
  2. ইয়াত মুছলিমসকলৰ বাবে আছে বিশাল সু-সংবাদ। কাৰণ, যি মুছলিমেই কোনো বিপদত আক্রান্ত হ’ব, তাক সেই বিপদৰ দ্বাৰা ছোৱাব প্ৰদান কৰা হ’ব।
  3. এইবোৰৰ দ্বাৰা মর্যাদা উন্নীত কৰা হয় আৰু নেকীসমূহ বৃদ্ধি কৰি দিয়া হয়।
  4. সীমিত কিছুমান গুনাহেই ক্ষমা কৰা হয়। আৰু সেয়া হৈছে অকল সৰু গুনাহ। কিয়নো ডাঙৰ গুনাহ ক্ষমাৰ বাবে তাওবাৰ প্ৰয়োজন হয়।
অধিক