عَنْ أَبِي سَعِيدٍ الْخُدْرِيِّ وَعَنْ أَبِي هُرَيْرَةَ رضي الله عنهما عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ:
«مَا يُصِيبُ الْمُسْلِمَ مِنْ نَصَبٍ وَلَا وَصَبٍ وَلَا هَمٍّ وَلَا حُزْنٍ وَلَا أَذًى وَلَا غَمٍّ حَتَّى الشَّوْكَةِ يُشَاكُهَا إِلَّا كَفَّرَ اللهُ بِهَا مِنْ خَطَايَاهُ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 5641]
المزيــد ...

আবু ছাঈদ খুদৰী আৰু আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুমাই বৰ্ণনা কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
মুছলিম ব্যক্তিৰ ওপৰত যিবোৰ যাতনা, ৰোগ-ব্যাধি, উদ্বেগ-উৎকন্ঠা, দুশ্চিন্তা, কষ্ট তথা বিপদ-আপদ আপতিত হয়, আনকি শৰীৰত যদি এটা কাইটো বিন্ধে, তেন্তে ইয়াৰ ফলত আল্লাহে তাৰ গুনাহ ক্ষমা কৰি দিয়ে।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 5641]

ব্যাখ্যা

হাদীছটোত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, মুছলিমে যি বেমাৰতে আক্ৰান্ত হয়, যি দুশ্চিন্তা বিষন্নতা আদিয়ে আগুৰি ধৰে নাইবা বিপদ-আপদ, ভয়-ভীতি আৰু ভোকত কষ্ট পায়, আনকি যদি এটা কাইট বিন্ধাৰ ফলতো দুখ পায় তথাপিও ইয়াৰ বিনিময়ত আল্লাহে তাৰ গুনাহ ক্ষমা কৰি দিয়ে তথা তাৰ পাপ মোচন কৰি দিয়ে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. হাদীছটোত মুমিন বান্দাসকলৰ ওপৰত থকা আল্লাহৰ ৰহমত আৰু অনুগ্ৰহৰ বিষয়টো উল্লেখ কৰা হৈছে যে, আল্লাহে তেওঁলোকৰ সৰু কষ্টৰ বিনিময়তো গুনাহ ক্ষমা কৰি দিয়ে।
  2. গতিকে মুছলিমে প্ৰতিটো ক্ষেত্ৰতে আল্লাহৰ ওচৰত ছোৱাব কামনা কৰা উচিত। লগতে প্ৰত্যেক সৰু বৰ কষ্টতে ধৈৰ্য্য ধাৰণ কৰা উচিত, যাতে তেওঁৰ মৰ্যাদা উন্নীত হয় আৰু পাপ মোচন হয়।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (57)
অধিক