عن أبي هريرة رضي الله عنه أن رسول الله صلى الله عليه وسلم قال: «حُجِبت النار بالشهوات، وحُجبت الجنة بالمَكَاره»متفق عليه وهذا لفظ البخاري. وفي رواية لهما: «حُفَّت» بدل «حُجِبت».
[صحيح] - [متفق عليه]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "c2">“জাহান্নাম হৈছে প্ৰবৃত্তিৰে পৰিবেষ্টিত, আৰু জান্নাত হৈছে দুখ-কষ্টৰে পৰিবেষ্টিত”। মুত্তাফাকুন আলাইহি। শব্দবোৰ ছহীহ বুখাৰীৰ। বুখাৰী আৰু মুছলিমৰ আন এটা বর্ণনাত হুজিবাতৰ পৰিবৰ্তে হুফ্ফাত আছে। ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

হাদীছৰ ভাবাৰ্থ, জান্নাতত যোৱাৰ পথ মানুহৰ অপছন্দনীয় বস্তুৰ দ্বাৰা বেষ্টিত; কিয়নো অন্তৰৰ মূলনীতি হৈছে ই সদায় আৰাম তথা সুখৰ পিনে ধাৱিত হয়। এতেকে হাৰাম কামত লিপ্ত হৈ আৰু আল্লাহৰ আনুগত্যৰ পৰা আঁতৰি গৈ যেতিয়াই মানুহে নিজৰ আৰু জাহান্নামৰ মাজৰ পর্দা আঁতৰাই পেলাব তেতিয়াই সি জাহান্নামত প্ৰৱেশ কৰিব। এতেকে যি ব্যক্তিয়েই পর্দা উন্মোচিত কৰিব সি পর্দাবৃত স্থানত উপনীত হ’ব। জান্নাতৰ পর্দা উন্মোচন হয় অপছন্দনীয় আৰু কষ্টকৰ কামত ধাৱিত হ’লে (অৰ্থাৎ কষ্টকৰ কাম সম্পাদন কৰিলে) আনহাতে জাহান্নামৰ পর্দা উন্মোচিত হয় প্ৰবৃত্তিৰ কামত লিপ্ত হ’লে। নফছৰ অপছন্দনীয় কাম হৈছে ইবাদতত কঠোৰ পৰিশ্রম, নিয়মিতভাৱে ইবাদত পালন, ইবাদত কৰিবলৈ কষ্ট সহ্য আৰু ধৈর্য্য ধাৰণ, ক্ৰোধ সংবৰণ, ক্ষমা, সহনশীলতা, সততা, অসদাচৰণকাৰীৰ প্ৰতি ইহছান আৰু প্ৰবৃত্তি অনুসৰণৰ পৰা ধৈর্য্য ধাৰণ কৰা ইত্যাদি। মানুহৰ নফছে কেতিয়াবা কেতিয়াবা নিয়মিতভাৱে চালাত আদায় কৰিবলৈ অপছন্দ কৰিব পাৰে; কিয়নো ইয়াত আছে কঠোৰ পৰিশ্রম আৰু দুনিয়াবী বিষয়ৰ প্ৰতি নফছৰ যি বিশাল কামনা আছে তাৰ পৰা বিচ্ছিন্নকৰণ। আকৌ নফছ কেতিয়াবা জিহাদ, সম্পদ দান ইত্যাদিক অপছন্দ কৰে; কিয়নো নফছ সম্পদৰ প্ৰতি আকৃষ্ট। ইয়াৰ বাহিৰেও অন্যান্য আনুগত্যৰ কাম কৰিবলৈ নফছে অপছন্দ কৰে। মানুহে যদি নিজৰ প্ৰবৃত্তিৰ কামনা বিচ্ছিন্ন কৰি নফছৰ চাহিদা বিৰোধী কৰ্ম সম্পাদন কৰিব পাৰে আৰু আল্লাহৰ আদেশসমূহ মানি চলে আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকে তেন্তে এইবোৰ জান্নাতত যোৱাৰ কাৰণ হ’ব আৰু জাহান্নামৰ পৰা দূৰত ৰাখিব। পক্ষান্তৰে যিবোৰ প্ৰবৃত্তিৰ কাৰণে মানুহৰ জাহান্নামত যোৱা আৱশ্যক হয় সেইবোৰ হৈছে হাৰাম প্ৰবৃত্তিসমূহ। যেনে, মাদক দ্ৰৱ্য, জিনা, পৰ-নাৰীৰ প্ৰতি দৃষ্টিপাত কৰা, আমোদ-প্ৰমোদ ইত্যাদি। কিন্তু বৈধ প্ৰবৃত্তি এইবোৰৰ অন্তর্ভুক্ত নহ’ব; কিন্তু অতিৰিক্ত কৰা মাকৰূহে যাতে এইবোৰক হাৰামৰ পিনে লৈ নাযায় অথবা অন্তৰ কঠিন হৈ নপৰে বা ইবাদতৰ পৰা অমনোযোগী নকৰে নাইবা দুনিয়াদাৰী অর্জনত ব্যস্ত হৈ নপৰে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. গুনাহৰ কৰ্মসমূহত পতিত হোৱাৰ কাৰণ হৈছে চয়তানে বেয়া তথা অসৎকৰ্মক সু-সজ্জিত কৰি দেখুৱায়, যাৰ ফলত নফছে ইয়াক ভাল বুলি দেখি সেইপিনে ধাৱিত হয়।
  2. বহুতো সময়ত নফছে কিছুমান বস্তুক অপছন্দ কৰে অথচ তাত আছে অধিক কল্যাণ। আল্লাহ তা‘আলাই কৈছেঃ তোমালোকৰ ওপৰত যুদ্ধৰ বিধান অনিবাৰ্য কৰা হৈছে যদিও এয়া তোমালোকৰ বাবে অপছন্দনীয়। কিন্তু তোমালোকে যিটো অপছন্দ কৰা, হয়তো সেয়া তোমালোকৰ বাবে কল্যাণকৰ আৰু যিটোক তোমালোকে ভাল পোৱা হয়তো সেইটো তোমালোকৰ বাবে অকল্যাণকৰ; আৰু আল্লাহে জানে তোমালোকে নাজানা।
  3. নফছৰ চাহিদাৰ সৈতে সদায় সংগ্রাম কৰা উচিত আৰু ইয়াক কু-প্ৰবৃত্তি তথা ইয়াৰ পছন্দনীয় বস্তুৰ পৰা বিৰত ৰখা অতি আৱশ্যক।
  4. জান্নাত আৰু জাহান্নাম বর্তমান বিদ্যমান থকা দুটা সৃষ্ট মখলুক।
অধিক