عن أبي هريرة رضي الله عنه أن رسول الله صلى الله عليه وسلم قال:
«حُجِبَتِ النَّارُ بِالشَّهَوَاتِ، وَحُجِبَتِ الْجَنَّةُ بِالْمَكَارِهِ».

[صحيح] - [رواه البخاري] - [صحيح البخاري: 6487]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
জাহান্নাম হৈছে প্ৰবৃত্তিৰে পৰিবেষ্টিত, আৰু জান্নাত হৈছে দুখ-কষ্টৰে পৰিবেষ্টিত।

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 6487]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, জাহান্নামক মনে বিচৰা আকৰ্ষণীয় হাৰাম কামেৰে আৰু ওৱাজিব কৰ্মক অৱহেলা কৰা আদি বিষয়েৰে পৰিবেষ্টন কৰি ৰখা হৈছে। গতিকে যিয়ে প্ৰবৃত্তিৰ ইচ্ছাৰ অনুসৰণ কৰিব, সি জাহান্নামত প্ৰৱেশ কৰিব। আনহাতে জান্নাতক মনে নিবিচৰা কৰ্মৰে পৰিবেষ্টন কৰি ৰখা হৈছে। যেনে- বিধি-বিধান পালন কৰা, হাৰাম কাম বৰ্জন কৰা আৰু ধৈৰ্য্য ধাৰণ কৰা আদি কামেৰে। যদি কোনোবাই সহ্য কৰে আৰু মনৰ সৈতে সংগ্ৰাম কৰি এইবোৰ কৰ্ম পালন কৰে তেন্তে তেওঁ জান্নাতত প্ৰৱেশ কৰিব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. গুনাহৰ কৰ্মত পতিত হোৱাৰ অন্যতম এটা কাৰণ হৈছে এই যে, চয়তানে মানুহক বেয়া তথা অসৎকৰ্মবোৰ সু-সজ্জিত কৰি দেখুৱায়, যাৰ ফলত নফছে ইয়াক ভাল বুলি দেখি সেইপিনে ধাৱিত হয়।
  2. হাৰাম চাহিদাৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়া হৈছে, কাৰণ সেইটো হৈছে জাহান্নামত যোৱাৰ পথ। আনহাতে দুখ-কষ্ট আৰু বিপদত ধৈৰ্য্য ধাৰণ কৰিব লাগে, কাৰণ এইটো হৈছে জান্নাতত যোৱাৰ পথ।
  3. ইবাদতৰ ক্ষেত্ৰত নফছৰ সৈতে সংগ্ৰাম কৰাৰ ফজিলত, লগতে দুখ-কষ্ট আৰু নেক কামক আগুৰি ৰখা কঠিন সমস্যাসমূহত ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (69)
অধিক