হাদীছৰ তালিকা

ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত।
عربي الإنجليزية الأوردية
যি ব্যক্তিয়ে হজ্জ পালন কৰিলে আৰু (সেই হজ্জ কৰাৰ সময়ত) কোনো ধৰণৰ অশ্লীল কৰ্ম কৰা নাই আৰু পাপকৰ্মও কৰা নাই, এনেকুৱা ব্যক্তি ঠিক সেইদিনৰ দৰে (নিষ্পাপ হৈ) ঘৰলৈ উভতিব, যিদিনা তাৰ মাকে তাক প্ৰসৱ কৰিছিল।
عربي الإنجليزية الأوردية
আল্লাহৰ ওচৰত অন্যান্য দিনৰ তুলনাত এই দহ দিনৰ নেক আমল অধিক প্ৰিয়।" অৰ্থাৎ জুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ নেক আমল।
عربي الإنجليزية الأوردية
ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত।
عربي الإنجليزية الأوردية
স্বামী অথবা মাহৰাম (যাৰ লগত বিবাহ নিষিদ্ধ) অবিহনে কোনো নাৰীয়ে যেন দুদিনৰ দূৰত্বৰ ভ্ৰমণ নকৰে।
عربي الإنجليزية الأوردية
মছজিদে হাৰামৰ বাহিৰে অন্যান্য মছজিদৰ তুলনাত মোৰ এই মছজিদত নামাজ পঢ়াটো এহেজাৰ গুণ উত্তম।
عربي الإنجليزية الأوردية
ঠিক আছে, ৰমাজান মাহ আহিলে তুমি ওমৰাহ কৰিবা, কাৰণ ৰমাজানত কৰা ওমৰাহ হৈছে হজ্জৰ সমান।
عربي الإنجليزية الأوردية
হে আল্লাহৰ ৰাছুল! জিহাদ কৰাটোক আমি সৰ্বশ্ৰেষ্ঠ আমল বুলি জানো, তেন্তে আমি জিহাদ নকৰিমনে? তেখেতে ক'লেঃ "নহয়, বৰং আটাইতকৈ শ্ৰেষ্ঠ জিহাদ হৈছে: হজ্জে মাবৰূৰ"।
عربي الإنجليزية الأوردية
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শিং থকা ক'লা-বগা দুটা দুম্বা(১) কুৰবানী কৰিছিল। নিজ হাতে দুয়োটা কুৰবানী কৰিছিল। বিছমিল্লাহি আল্লাহু আকবাৰ বুলি কৈ তেখেতে নিজৰ ভৰি সেই দুটাৰ ঘাৰৰ ওপৰত ৰাখিছিল।
عربي الإنجليزية الأوردية
তোমালোকে হজ্জ আৰু ওমৰাহ বাৰে বাৰে কৰিবা, কিয়নো ইয়াৰ ফলত দৰিদ্ৰতা দূৰ হয় আৰু গুনাহ মোচন হয়, যিদৰে জুইশালত লোহা, সোণ আৰু ৰূপ উত্তপ্ত কৰিলে মামৰ গুচি যায়। হজ্জে মাবৰূৰৰ (যি হজ্জত কোনো ধৰণৰ গুনাহ কৰা হোৱা নাই।) ছোৱাব হৈছে কেৱল জান্নাত।
عربي الإنجليزية الإندونيسية
মই নিশ্চিতভাৱে জানো যে, তুমি হৈছা এডোখৰ শিল। অপকাৰো কৰিব নোৱাৰা আৰু উপকাৰো কৰিব নোৱাৰা। মই যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তোমাক চুমা খোৱা নেদেখিলোঁহেঁতেন তেন্তে মই কেতিয়াও তোমাক চুমা নাখালোঁহেঁতেন।
عربي الإنجليزية الأوردية
পুৰুষ মাহৰাম লগত নথকাকৈ এক ৰাতিৰ দূৰত্বলৈ ভ্ৰমণ কৰাটো কোনো মুছলিম নাৰীৰ পক্ষেই বৈধ নহয়।
عربي الإنجليزية الأوردية
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইদৰে তালবীয়াহ পাঠ কৰিছিল। "লাব্বাইক আল্লাহুম্মা লাব্বাইক, লাব্বাইকা লা শ্বাৰীকা লাকা লাব্বাইক, ইন্নাল হামদা অন নি'মাতা লাকা অলমুল্ক, লা শ্বাৰীকা লাক।
عربي الإنجليزية الأوردية
যাৰ ওচৰত কুৰাবানীৰ পশু আছে, যিটোক তেওঁ কুৰবানী কৰিব, তেনেকুৱা ব্যক্তিয়ে জুলহিজ্জা মাহৰ জোন উঠাৰ পিছত কুৰবানী নকৰালৈকে নিজৰ শৰীৰৰ নোম বা চুলি আৰু (হাত ভৰিৰ) নখ আদি কটা উচিত নহয়।
عربي الإنجليزية الأوردية