عَنْ عَبْدِ اللهِ بْنِ عُمَرَ رَضِيَ اللهُ عَنْهُمَا:
أَنَّ تَلْبِيَةَ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «لَبَّيْكَ اللهُمَّ، لَبَّيْكَ، لَبَّيْكَ لَا شَرِيكَ لَكَ لَبَّيْكَ، إِنَّ الْحَمْدَ وَالنِّعْمَةَ لَكَ وَالْمُلْكَ لَا شَرِيكَ لَكَ» قَالَ: وَكَانَ عَبْدُ اللهِ بْنُ عُمَرَ رَضِيَ اللهُ عَنْهُمَا يَزِيدُ فِيهَا: لَبَّيْكَ لَبَّيْكَ، وَسَعْدَيْكَ، وَالْخَيْرُ بِيَدَيْكَ، لَبَّيْكَ وَالرَّغْبَاءُ إِلَيْكَ وَالْعَمَلُ.
[صحيح] - [متفق عليه] - [صحيح مسلم: 1184]
المزيــد ...
আব্দুল্লাহ ইবনে ওমৰ -ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে,
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এইদৰে তালবীয়াহ পাঠ কৰিছিল। "লাব্বাইক আল্লাহুম্মা লাব্বাইক, লাব্বাইকা লা শ্বাৰীকা লাকা লাব্বাইক, ইন্নাল হামদা অন নি'মাতা লাকা অলমুল্ক, লা শ্বাৰীকা লাক।" বৰ্ণনাকাৰীয়ে কৈছেঃ আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই ইয়াতকৈ অতিৰিক্ত আৰু কৈছিলঃ লাব্বাইক লাব্বাইক, অছাদাইক, অলখাইৰু বিয়াদাইক, লাব্বাইক অৰ ৰাগবা ইলাইকা অল আমাল।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 1184]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হজ্জ আৰু ওমৰাত প্ৰৱেশ কৰি এইদৰে তালবীয়া পাঠ কৰিছিল। (لبيك اللهم لبيك) অৰ্থাৎ মই উপস্থিত হৈছোঁ হে আল্লাহ! মই উপস্থিত হৈছোঁ। ইখলাচ, তাওহীদ আৰু হজ্জৰ যি আহ্বান তুমি কৰিছা, সেই আহ্বানত মই সঁহাৰি দিছোঁ। (لبيك لا شريك لك لبيك) অৰ্থাৎ মই উপস্থিত হৈছোঁ, তুমিয়ে একমাত্ৰ ইবাদতৰ যোগ্য, তোমাৰ ৰুবুবিয়্যত (প্ৰভুত্বত), উলুহিয়্যত (ইবাদতত) আৰু আছমা (নাম) অছিফাতত (গুণাৱলীত) কোনো অংশীদাৰ নাই। (إن الحمد) প্ৰশংসা কেৱল তোমাৰেই। (والنعمة) নিয়ামত অনুগ্ৰহ আদি একমাত্ৰ তুমিয়ে প্ৰদান কৰা। (لك) তুমি যিদৰে বিচৰা সেইদৰে ব্যয় কৰা। (والملك) এইদৰে সাৰ্বভৌমত্বও একমাত্ৰ তোমাৰেই। (لا شريك لك) এই সকলোবোৰ একমাত্ৰ তোমাৰেই, তোমাৰ কোনো অংশীদাৰ নাই। ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই অতিৰিক্ত আৰু কৈছিলঃ (لبيك لبيك وسعديك) অৰ্থাৎ হে আল্লাহ! তুমি মোক সুখ শান্তিৰ পিছত সুখ শান্তি দান কৰা। (والخير بيديك) সকলো প্ৰকাৰ কল্যাণ তোমাৰেই হাতত। (لبيك والرغباء إليك) আশা ভৰসা একমাত্ৰ তোমাৰ ওপৰতেই। (والعمل) ইবাদতৰ হকদাৰ একমাত্ৰ তুমিয়েই।