عَن أُمِّ سَلَمَةَ أُمِّ المُؤْمِنينَ زَوْجِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ رضي الله عنها قَالت: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«مَنْ كَانَ لَهُ ذِبْحٌ يَذْبَحُهُ فَإِذَا أُهِلَّ هِلَالُ ذِي الْحِجَّةِ، فَلَا يَأْخُذَنَّ مِنْ شَعْرِهِ، وَلَا مِنْ أَظْفَارِهِ شَيْئًا حَتَّى يُضَحِّيَ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 1977]
المزيــد ...

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰী উম্মুল মুমিনীন উম্মে ছালামা ৰাদ্বিয়াল্লাহু আনহাৰ সূত্ৰত বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যাৰ ওচৰত কুৰাবানীৰ পশু আছে, যিটোক তেওঁ কুৰবানী কৰিব, তেনেকুৱা ব্যক্তিয়ে জুলহিজ্জা মাহৰ জোন উঠাৰ পিছত কুৰবানী নকৰালৈকে নিজৰ শৰীৰৰ নোম বা চুলি আৰু (হাত ভৰিৰ) নখ আদি কটা উচিত নহয়।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 1977]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত নিৰ্দেশ দিছে যে, যিয়ে কুৰবানী কৰিব বিচাৰে তেওঁ যেন, জুলহিজ্জা মাহৰ জোন উঠাৰ পিছৰ পৰা কুৰবানী নকৰালৈকে মূৰৰ চুলি, দুয়ো কাষলতিৰ নোম, মোচ আদিৰ লগতে হাত ভৰিৰ নখ আদি যেন নাকাটে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. যিয়ে কুৰবানী কৰিব বিচাৰে তেওঁ জুলহিজ্জা মাহ আৰম্ভ হোৱাৰ পিছৰ পৰা কুৰবানী নকৰালৈকে উক্ত কামবোৰ কৰিব নালাগে।
  2. যদি কোনোবাই প্ৰথম দিনা কুৰবানী নকৰে, তেন্তে আয়্যামে তাশ্বৰীকৰ যিটো দিৱসত কুৰবানী কৰিব, সেই দিৱসলৈকে এইবোৰ কটাৰ পৰা বিৰত থাকিব লাগে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (44)