+ -

عَنْ أَبِي هُرَيْرَةَ رضي الله عنه أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«لَا تَصْحَبُ الْمَلَائِكَةُ رُفْقَةً فِيهَا كَلْبٌ وَلَا جَرَسٌ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 2113]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"(ৰহমতৰ) ফিৰিস্তাহ সেই ভ্ৰমণকাৰী দলৰ সৈতে নাথাকে যিসকলৰ লগত কুকুৰ আৰু ঘণ্টা থাকে।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2113]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, ৰহমতৰ ফিৰিস্তা সেইসকল ভ্ৰমণকাৰী লোকৰ সৈতে নাথাকে যিসকলে ভ্ৰমণকালত নিজৰ সৈতে কুকুৰ আৰু ঘণ্টা লৈ যায়। ঘণ্টা সিহঁতে সিহঁতৰ লগত থকা জন্তুবোৰৰ ডিঙিত ওলমাই দিয়ে যাতে খোঁজকাঢ়িলে শব্দ কৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. কুকুৰ ৰাখিবলৈ তথা পালিবলৈ নিষেধ কৰা হৈছে। আনহাতে চিকাৰ কৰাৰ বাবে বা পহৰাৰ বাবে কুকুৰ ৰখাত কোনো বাধা নাই।
  2. এই সময়ত কেৱল ৰহমতৰ ফিৰিস্তাহে লগত নাথাকে। আনহাতে সংৰক্ষণকাৰী ফিৰিস্তাসকলে কেতিয়াও বান্দাৰ লগ নেৰে, স্ব-স্থানতে হওক বা ভ্ৰমণ অৱস্থাতে হওক।
  3. ঘণ্টা নিষেধ কৰাৰ কাৰণ হৈছে, ঘণ্টা হৈছে চয়তানৰ এটা বাধ্যযন্ত্ৰ। লগতে ইয়াৰ সৈতে খ্ৰীষ্টানসকলৰ ঘণ্টাৰ সাদৃশ্য আছে।
  4. প্ৰতিজন মুছলিমে এনেকুৱা সকলো কামৰ পৰা নিজকে আঁতৰাই ৰখা উচিত যিটো কৰিলে ফিৰিস্তাসকল আঁতৰি যায়।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী থাই পুস্তু ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ওৰোমো কান্নাড়া الولوف ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক