عَن أُمِّ الدَّرْدَاءِ وَ أَبِي الدَّرداءِ رَضيَ اللهُ عنهما أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ كَانَ يَقُولُ:
«دَعْوَةُ الْمَرْءِ الْمُسْلِمِ لِأَخِيهِ بِظَهْرِ الْغَيْبِ مُسْتَجَابَةٌ، عِنْدَ رَأْسِهِ مَلَكٌ مُوَكَّلٌ كُلَّمَا دَعَا لِأَخِيهِ بِخَيْرٍ، قَالَ الْمَلَكُ الْمُوَكَّلُ بِهِ: آمِينَ وَلَكَ بِمِثْلٍ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 2733]
المزيــد ...

উম্মে দাৰদা আৰু আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"ভাতৃৰ অনুপস্থিতিত মুছলিম ভাতৃৰ দুআ লগে লগে কবূল হয়। তেওঁৰ মূৰৰ কাষত এজন ফিৰিস্তা নিয়োজিত থাকে, যেতিয়া তেওঁ নিজৰ ভাতৃৰ বাবে কোনো কল্যাণমূলক দুআ কৰে, তেতিয়া ফিৰিস্তাজনে কয়ঃ আমীন, লগতে তোমাকো অনুৰূপ দান কৰক।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2733]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা উল্লেখ কৰিছে যে, এজন মুছলিম ব্যক্তিয়ে তাৰ ভাতৃৰ অনুপস্থিতিত কৰা দুআ মহান আল্লাহে কবূল কৰে। কাৰণ এইটো হৈছে উচ্চ পৰ্যায়ৰ ইখলাচ। লগতে দুআকাৰী ব্যক্তিৰ মূৰৰ ওচৰত এজন ফিৰিস্তা নিযুক্ত থাকে, যেতিয়াই দুআকাৰীয়ে কোনো কল্যাণমূলক দুআ কৰে, তেতিয়া সেই নিয়োজিত ফিৰিস্তাজনে আমীন বুলি কয়। লগতে কয় যে, তোমাৰ বাবেও সেইটোৱে কবূল হওক যিটো তুমি দুআ কৰিছা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. মুমিনসকলক ইজনে সিজনৰ প্ৰতি সদয় হ'বলৈ তথা উপকাৰ কৰিবলৈ উৎসাহিত কৰা হৈছে, যদিও দুআৰ মাধ্যমতে নহওক কিয়।
  2. অনুপস্থিতিত দুআ কৰাটো হৈছে প্ৰকৃত ঈমান আৰু প্ৰকৃত ভাতৃত্বৰ স্পষ্ট প্ৰমাণ।
  3. হাদীছটোত অনুপস্থিতিত দুআ কৰাৰ কথা কোৱা হৈছে, কাৰণ এইটো হৈছে আন্তৰিকতা আৰু ইখলাচৰ পূৰ্ণাংগ পৰ্যায়।
  4. দুআ কবূল হোৱাৰ অন্যতম এটা উপায় হৈছে, মুছলিম ভাতৃৰ বাবে তেওঁৰ অনুপস্থিতিত দুআ কৰা।
  5. ইমাম নাৱাৱীয়ে কৈছেঃ মুছলিম ভাতৃৰ অনুপস্থিতিত দুআ কৰাটো হৈছে এটা ফজীলতপূৰ্ণ কৰ্ম। যদিও কোনোবাই মুছলিমৰ এটা জামাতৰ বাবেও দুআ কৰে, তথাপিও তেওঁ ফজীলত অৰ্জন কৰিব। আনহাতে যদি কোনোবাই সমগ্ৰ মুছলিম জাতিৰ বাবে দুআ কৰে, তথাপিও তেওঁ এই ফজীলতৰ অধিকাৰী হ'ব এইটো স্পষ্ট। সেয়ে আমাৰ ছালাফসকলে (পূৰ্বৱৰ্তী পুণ্যৱান লোকসকলে) যেতিয়াই নিজৰ বাবে দুআ কৰিছিল, তেতিয়াই তেওঁলোকৰ মুছলিম কোনো ভাতৃৰ বাবেও দুআ কৰিছিল, কাৰণ ইয়াৰ ফলত দুআ কবূল হয়। লগতে সেই পৰিমাণ দুআ নিজৰ বাবেও গৃহীত হয়।
  6. হাদীছটোত ফিৰিস্তাসকলৰ কিছুমান কৰ্মৰ কথা উল্লেখ হৈছে। তেওঁলোকৰ মাজৰ কিছুমানক আল্লাহে এই কৰ্মৰ বাবে নিয়োজিত কৰিছে৷
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (36)
অধিক