عَنْ عَبْدِ اللهِ بْنِ مَسْعُودٍ قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ:
«تَابِعُوا بَيْنَ الحَجِّ وَالعُمْرَةِ، فَإِنَّهُمَا يَنْفِيَانِ الفَقْرَ وَالذُّنُوبَ كَمَا يَنْفِي الكِيرُ خَبَثَ الحَدِيدِ، وَالذَّهَبِ، وَالفِضَّةِ، وَلَيْسَ لِلْحَجَّةِ الْمَبْرُورَةِ ثَوَابٌ إِلاَّ الجَنَّةُ».
[صحيح] - [رواه الترمذي والنسائي وأحمد] - [سنن الترمذي: 810]
المزيــد ...
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকে হজ্জ আৰু ওমৰাহ বাৰে বাৰে কৰিবা, কিয়নো ইয়াৰ ফলত দৰিদ্ৰতা দূৰ হয় আৰু গুনাহ মোচন হয়, যিদৰে জুইশালত লোহা, সোণ আৰু ৰূপ উত্তপ্ত কৰিলে মামৰ গুচি যায়। হজ্জে মাবৰূৰৰ (যি হজ্জত কোনো ধৰণৰ গুনাহ কৰা হোৱা নাই।) ছোৱাব হৈছে কেৱল জান্নাত।"
[ছহীহ] - [رواه الترمذي والنسائي وأحمد] - [ছুনান তিৰমিজী - 810]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সক্ষম অনুযায়ী হজ্জৰ পিছত হজ্জ আৰু ওমৰাৰ পিছত ওমৰাহ কৰিবলৈ উৎসাহিত কৰিছে, কাৰণ এই দুটা ইবাদতৰ ফলত দৰিদ্ৰতা দূৰ হয় আৰু গুনাহ মোচন হয় আৰু ইয়াৰ প্ৰভাৱ অন্তৰত পৰে। যিদৰে জুইত লোহা উত্তপ্ত কৰিলে মামৰ গুচি যায়।