+ -

عن أبي هريرة رضي الله عنه قال: سمعت النبي صلى الله عليه وسلم يقول:
«مَنْ حَجَّ لِلهِ فَلَمْ يَرْفُثْ وَلَمْ يَفْسُقْ رَجَعَ كَيَوْمِ وَلَدَتْهُ أُمُّهُ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 1521]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
যি ব্যক্তিয়ে হজ্জ পালন কৰিলে আৰু (সেই হজ্জ কৰাৰ সময়ত) কোনো ধৰণৰ অশ্লীল কৰ্ম কৰা নাই আৰু পাপকৰ্মও কৰা নাই, এনেকুৱা ব্যক্তি ঠিক সেইদিনৰ দৰে (নিষ্পাপ হৈ) ঘৰলৈ উভতিব, যিদিনা তাৰ মাকে তাক প্ৰসৱ কৰিছিল।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 1521]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, যি ব্যক্তিয়ে আল্লাহৰ বাবে হজ্জ পালন কৰিছে, আৰু সেই হজ্জত কোনো ধৰণৰ অশ্লীল কামত লিপ্ত হোৱা নাই, হাদীছটোত (الرفث) শব্দৰ দ্বাৰা সহবাস কৰা বুজাইছে, যাৰ আৰম্ভণি হৈছে চুমা দিয়া, আলিংগন কৰা আদি, এই শব্দটোৰ দ্বাৰা অন্যান্য অশ্লীলতাকো বুজোৱা হয়; আৰু সেই হজ্জত তেওঁ কোনো পাপকৰ্মও কৰা নাই। পাপকৰ্মৰ দ্বাৰা ইহৰাম অৱস্থাত নকৰিবলগীয়া কামসমূহক বুজোৱা হৈছে। তেন্তে সেই ব্যক্তি নিষ্পাপ হৈ ঘৰলৈ উভতিব। যিদৰে সদ্যহতে ভূমিষ্ঠ হোৱা শিশু এটি নিষ্পাপ হৈ জন্ম গ্ৰহণ কৰে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. পাপকৰ্ম যদিও সকলো অৱস্থাতেই নিষিদ্ধ; তথাপিও বিশেষভাৱে হজ্জৰ বিধি-বিধানসমূহ পালনৰ সন্মানাৰ্থে ইয়াৰ নিষিদ্ধতা আৰু অধিক গুৰুতৰ হৈ পৰে।
  2. মানুহে সাধাৰণতে মাতৃ গৰ্ভৰ পৰা নিষ্পাপ তথা গুনাহ নথকা অৱস্থাত জন্মগ্ৰহণ কৰে। সি আনৰ (অৰ্থাৎ পিতা-মাতাৰ) গুনাহ বহন নকৰে।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান জাপানীজ পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ফুলানী ইটালিয়ান ওৰোমো কান্নাড়া الولوف البلغارية আজেৰি اليونانية الأكانية উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক