+ -

عَنِ ابْنِ عَبَّاسٍ رضي الله عنهما قَالَ:
قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ لِامْرَأَةٍ مِنَ الْأَنْصَارِ سَمَّاهَا ابْنُ عَبَّاسٍ فَنَسِيتُ اسْمَهَا: «مَا مَنَعَكِ أَنْ تَحُجِّي مَعَنَا؟» قَالَتْ: لَمْ يَكُنْ لَنَا إِلَّا نَاضِحَانِ فَحَجَّ أَبُو وَلَدِهَا وَابْنُهَا عَلَى نَاضِحٍ وَتَرَكَ لَنَا نَاضِحًا نَنْضِحُ عَلَيْهِ، قَالَ: «فَإِذَا جَاءَ رَمَضَانُ فَاعْتَمِرِي، فَإِنَّ عُمْرَةً فِيهِ تَعْدِلُ حَجَّةً».

[صحيح] - [متفق عليه] - [صحيح مسلم: 1256]
المزيــد ...

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজনী আনচাৰী মহিলাক কৈছিল যে, "আমাৰ লগত হজ্জ কৰিবলৈ তোমাক কিহে বাধা দিছে"? (বৰ্ণনাকাৰীয়ে কৈছে যে) ইবনে আব্বাছে সেই মহিলাজনীৰ নাম কৈছিল কিন্তু মই পাহৰি গৈছোঁ। মহিলাজনীয়ে ক'লেঃ পানী বহনৰ বাবে আমাৰ দুটা উট আছে, তাৰে এটাকলৈ মোৰ স্বামী আৰু ল'ৰাই হজ্জ কৰিবলৈ গৈছে, আৰু আন এটা উট আমাৰ বাবে পানী বহন কৰিবলৈ ৰাখি থৈ গৈছে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ক'লেঃ "ঠিক আছে, ৰমাজান মাহ আহিলে তুমি ওমৰাহ কৰিবা, কাৰণ ৰমাজানত কৰা ওমৰাহ হৈছে হজ্জৰ সমান।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 1256]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া বিদায়ী হজ্জৰ পৰা উভতি আহিছিল, তেতিয়া তেখেতে হজ্জ নকৰা এজনী আনচাৰী মহিলাক কৈছিল, আমাৰ লগত হজ্জ কৰিবলৈ তুমি যোৱা নাছিলা কিয়?
তেতিয়া সেই মহিলাজনীয়ে ওজৰ পেচ কৰি কৈছিল যে, সিহঁতৰ মাত্ৰ দুটা উট আছে। তাৰে এটা লৈ তাইৰ স্বামী আৰু ল'ৰাই হজ্জ কৰিবলৈ গৈছিল আৰু আনটো ঘৰত ৰাখি থৈ গৈছিল, যাতে তাৰ দ্বাৰা কুঁৱাৰ পৰা পানী উঠোৱাৰ কামত ব্যৱহাৰ কৰিব পাৰে।
তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাইক জনাই দিলে যে, ৰমাজান মাহত ওমৰাহ পালন কৰাটো হৈছে হজ্জ পালন কৰাৰ সমান ছোৱাব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ৰমাজান মাহত ওমৰাহ পালন কৰাৰ গুৰুত্ব।
  2. ৰমাজান মাহত ওমৰাহ কৰাটো হৈছে হজ্জৰ সমান ছোৱাব, কিন্তু ইয়াৰ ফলত ফৰজ হজ্জৰ পৰা দায়মুক্ত হোৱা নাযায়।
  3. সময়ৰ মৰ্যাদা বৃদ্ধি হোৱাৰ কাৰণে আমলৰো ছোৱাব বৃদ্ধি হয়। ইয়াৰ অন্যতম উদাহৰণ হৈছে ৰমাজানত কৰা আমলসমূহ।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী থাই পুস্তু ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ওৰোমো কান্নাড়া الولوف ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক