عَنْ أُمِّ عَطِيَّةَ رَضيَ اللهُ عنها قَالَتْ:
تُوُفِّيَتْ إِحْدَى بَنَاتِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَخَرَجَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَقَالَ: «اغْسِلْنَهَا ثَلاَثًا، أَوْ خَمْسًا أَوْ أَكْثَرَ مِنْ ذَلِكَ، إِنْ رَأَيْتُنَّ بِمَاءٍ وَسِدْرٍ، وَاجْعَلْنَ فِي الآخِرَةِ كَافُورًا -أَوْ شَيْئًا مِنْ كَافُورٍ-، فَإِذَا فَرَغْتُنَّ فَآذِنَّنِي»، قَالَتْ: فَلَمَّا فَرَغْنَا آذَنَّاهُ، فَأَلْقَى إِلَيْنَا حِقْوَهُ، فَقَالَ: «أَشْعِرْنَهَا إِيَّاهُ»، وَقَالَتْ: وَجَعَلْنَا رَأْسَهَا ثَلاَثَةَ قُرُونٍ.
[صحيح] - [متفق عليه] - [صحيح البخاري: 1258]
المزيــد ...
উম্মে আতিয়্যা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এজনী কন্যা সন্তান মৃত্যুবৰণ কৰিলে, (তেওঁক গোছল দিয়াৰ সময়ত) নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আহি ক'লেঃ "তোমালোকে তাইক তিনিবাৰ অথবা পাঁচবাৰ নাইবা প্ৰয়োজন অনুসাৰে তাতোকৈ অধিকবাৰ বগৰী পাত মিশ্ৰিত পানীৰে গোছল কৰাই দিয়া। শেষৰ বাৰত কৰ্পূৰ (অথবা তেখেতে কৈছিল) কৰ্পূৰ মিশ্ৰিত পানীৰে গোছল কৰাবা। গোছল শেষ কৰি মোক জনাবা।" উম্মে আতিয়্যাই কৈছেঃ আমি গোছল শেষ কৰি তেখেতক জনালোঁ। তেতিয়া তেখেতে নিজৰ এখন চাদৰ আমাৰ ফালে আগুৱাই দি ক'লে যে, এইটো তাইৰ শৰীৰত মেৰিয়াই দিয়া। উম্মে আতিয়্যাই কৈছেঃ আমি তেওঁৰ চুলিবোৰৰ তিনিটা বেণী বনাই দিছিলোঁ।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 1258]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ কন্যা জয়নব মৃত্যুবৰণ কৰাৰ পিছত, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে সেইসকল নাৰীক সম্বোধন কৰি ক'লে যিসকলে গোছল কৰাবঃ তাইক বগৰী পাত মিশ্ৰিত পানীৰে বিযোৰ সংখ্যক গোছল কৰাই দিয়া, তিনিবাৰ, পাঁচবাৰ অথবা তাতোকৈ অধিক, যদি প্ৰয়োজন হয়। শেষৰ বাৰ গোছল দিওঁতে কৰ্পূৰ মিশ্ৰিত পানীৰে গোছল কৰাবা। গোছল কৰোৱা শেষ হোৱাৰ পিছত মোক জনাবা। গোছল কৰোৱা শেষ হোৱাৰ পিছত, আমি তেখেতক জনালোঁ। তেখেতে নিজৰ এখন পৰিধান কৰা কাপোৰ আগবঢ়াই দিলে আৰু ক'লেঃ এই কাপোৰখনৰ জৰিয়তে তাইৰ শৰীৰ মেৰিয়াই দিয়া, যাতে এই কাপোৰটো তাইৰ শৰীৰত লাগি থাকে। ইয়াৰ পিছত জয়নবৰ মূৰৰ চুলিবোৰক তিনিটা বেণী বনাই দিয়া হৈছিল।