عن عبدالله بن عباس رضي الله عنهما أن النبي صلى الله عليه وسلم قال: «ما من أيام العمل الصالح فيها أحب إلى الله من هذه الأيام» يعني أيام العشر. قالوا: يا رسول الله، ولا الجهاد في سبيل الله؟ قال: «ولا الجهاد في سبيل الله، إلا رجل خرج بنفسه وماله، فلم يَرْجِعْ من ذلك بشيء»
[صحيح] - [رواه البخاري، وهذا لفظ أبي داود وغيره]
المزيــد ...

আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, "c2">“অন্যান্য দিনবোৰৰ তুলনাত এই দিনবোৰত নেক আমল কৰাটো আল্লাহৰ ওচৰত অধিক প্ৰিয়।” ইয়াৰ দ্বাৰা জুল হিজ্জা মাহৰ প্ৰথম দহ দিনক বুজোৱা হৈছে। চাহাবাসকলে সুধিলে, আল্লাহৰ পথত জিহাদ কৰাও ইয়াতকৈ উত্তম নহয় নেকি? তেখেতে ক’লে, "c2">“হয়, আল্লাহৰ পথত জিহাদ কৰাও ইয়াতকৈ উত্তম নহয়। কিন্তু সেই ব্যক্তিৰ কথা সুকীয়া, যিয়ে নিজৰ জান-মালসহ যুদ্ধলৈ ওলাই গ’ল, কিন্তু একো লৈ উভতিব নোৱাৰিলে।”
ছহীহ - বুখাৰীয়ে বৰ্ণনা কৰিছে।

ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ বাণী "c2">“এঅন্যান্য দিনবোৰৰ তুলনাত এই দিনবোৰত নেক আমল কৰাটো আল্লাহৰ ওচৰত অধিক প্ৰিয়।” অর্থাৎ জুলহিজ্জা মাহৰ প্ৰথম দহ দিন। চাহাবাসকলে সুধিলে, আল্লাহৰ পথত জিহাদ কৰাও নহয় নেকি? তেখেতে ক’লে, আল্লাহৰ পথত জিহাদ কৰাও নহয়। কিন্তু সেই ব্যক্তিৰ কথা সুকীয়া যিয়ে নিজৰ ধন-সম্পদসহ যুদ্ধত যায় আৰু শ্বহীদ হৈ যায়। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে: "c2">“নেক আমল”- ইয়াৰ মাজত আছে চালাত, চাদাকাহ, চওম, জিকৰ-আজকাৰ, তাকবীৰ, কোৰআন তিলাৱত, পিতা-মাতাৰ সৈতে সদ্ব্যৱহাৰ, আত্মীয়তা সম্পর্ক বজায় ৰখা, মাখলুকৰ প্রতি দয়া কৰা, প্রতিৱেশীৰ সৈতে ভাল ব্যৱহাৰ কৰা ইত্যাদি সকলো প্ৰকাৰ নেক আমল ইয়াৰ অন্তৰ্ভুক্ত। এতেকে এই দিনবোৰত ৰোজা পালন কৰা ছুন্নত। কিন্তু জুলহিজ্জা মাহৰ দহ তাৰিখৰ (আৰু ইয়াৰ পিছৰ তিনিদিনৰ) বাহিৰে। কাৰণ ঈদৰ দিনা (আৰু আয়্যামে তাশ্বৰীকৰ দিনা) ৰোজা ৰখা হাৰাম। এই হাদীছটো হৈছে জুলহিজ্জা মাহৰ প্ৰথম দহ দিনত নেক আমল কৰাৰ ফজিলতৰ প্ৰমাণ। ইয়াত আৰু প্রমাণ হয় যে, জিহাদ হৈছে সর্বোত্তম আমল। সেইকাৰণেই চাহাবাসকলে কৈছে, আল্লাহৰ পথত জিহাদ কৰাও নহয় নেকি? লগতে ইয়াত সেই ব্যক্তিৰ ফজিলত বৰ্ণনা কৰা হৈছে, যিয়ে নিজৰ প্ৰাণ আৰু ধন-সম্পদলৈ অর্থাৎ বাহন আৰু অস্ত্রপাতি লৈ আল্লাহৰ পথত ওলাই যায়, অৱশেষত শ্বহীদ হয়, ফলত শত্ৰুপক্ষই তাৰ বাহন আৰু অস্ত্র কাঢ়ি নিয়ে। দৰাচলতে সেই ব্যক্তিয়ে নিজৰ প্ৰাণ আৰু সম্পদ আল্লাহৰ পথত লুটিয়ায়। এতেকে সেই ব্যক্তি নিশ্চিতভাৱে এজন উত্তম মুজাহিদ। এই মানুহজনৰ আমল জুলহিজ্জা মাহৰ দহ দিনৰ আমলতকৈ উত্তম। আনহাতে এইটো যদি এই দিনবোৰতে সংঘটিত হয়, তেন্তে তাৰ আমলৰ ফজিলত আৰু অধিক বৃদ্ধি পাব।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. বছৰৰ অন্যান্য দিনবোৰৰ তুলনাত জুলহিজ্জা মাহৰ প্ৰথম দহ দিনৰ ফজিলত বৰ্ণিত হৈছে।
  2. জুলহিজ্জা মাহৰ প্রথম দহ দিনত ৰোজা পালন কৰা মুস্তাহাব।
  3. ইছলামত জিহাদৰ ফজিলত অপৰিসীম।
  4. কিছুমান সময়ক আন কিছুমান সময়ৰ ওপৰত প্ৰাধান্য দিয়া হৈছে।
  5. নুবুজা বিষয়ত আদব সহকাৰে প্ৰশ্ন কৰাৰ নিয়ম।
অধিক