عَنْ عُثْمَانَ رضي الله عنه قَالَ: سَمِعْتُ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«مَا مِنَ امْرِئٍ مُسْلِمٍ تَحْضُرُهُ صَلَاةٌ مَكْتُوبَةٌ فَيُحْسِنُ وُضُوءَهَا وَخُشُوعَهَا وَرُكُوعَهَا، إِلَّا كَانَتْ كَفَّارَةً لِمَا قَبْلَهَا مِنَ الذُّنُوبِ، مَا لَمْ يُؤْتِ كَبِيرَةً، وَذَلِكَ الدَّهْرَ كُلَّهُ».

[صحيح] - [رواه مسلم]
المزيــد ...

উছমান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ
"যিজন মুছলিমে ফৰজ নামাজৰ সময় হ'লে উত্তমভাৱে অজু কৰে, বিনয় আৰু ভয় সহকাৰে ৰুকূ কৰি চালাত আদায় কৰে, তাৰ এই আমল পূৰ্বৱৰ্তী গুনাহৰ কাফফাৰা হৈ যায়। যেতিয়ালৈকে সি কোনো কাবীৰাহ গুনাহ নকৰে। এইটো সদায় এনেকৈয়ে চলে।"

ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, ফৰজ নামাজৰ সময় হোৱাৰ পিছত যিজন মুছলিমে সুন্দৰকৈ উত্তমভাৱে পৰিপূৰ্ণৰূপে অজু কৰে, আৰু তাৰ পিছত অন্তৰত ভয় আৰু আশালৈ কিবলামুখী হৈ উপস্থিত মনেৰে আল্লাহৰ সন্মুখত থিয় হৈ নামাজ আদায় কৰে। লগতে নামাজৰ যাৱতীয় কৰ্ম পৰিপূৰ্ণৰূপে আদায় কৰে, তেন্তে তাৰ এই নামাজ পূৰ্বৱৰ্তী সকলো সৰু গুনাহৰ কাফফাৰা হৈ যায়। যদিহে সি কোনো কাবীৰাহ গুনাহ কৰা নাই। এইটো সকলো সময়তে আৰু প্ৰত্যেক নামাজৰ ক্ষেত্ৰতে প্ৰযোজ্য থাকে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম ছাৱাহিলী পুস্তু السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. বান্দাৰ সেই নামাজ গুনাহৰ কাফফাৰাহ, যিটো নামাজ উত্তমভাৱে অজু কৰি আদায় কৰা হয়, লগতে ভয় আৰু আশাৰ সৈতে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ উদ্দেশ্য পালন কৰা হয়।
  2. ইবাদতৰ ক্ষেত্ৰত ধাৰাবাহিকতা বজায় ৰখাৰ গুৰুত্ব। এইটো হৈছে সৰু গুনাহ মাৰ্জনাৰ অন্যতম উপায়।
  3. সুন্দৰভাৱে অজু কৰা আৰু খুশ্বু-খুজুৰ সৈতে উত্তমভাৱে নামাজ আদায় কৰাৰ ফজিলত।
  4. সৰু গুনাহৰ পৰা মাৰ্জনা লাভৰ উদ্দেশ্যে ডাঙৰ গুনাহৰ পৰা বিৰত থকাৰ গুৰুত্ব।
  5. কাবীৰাহ গুনাহ তাওবাহ অবিহনে মাফ নহয়।
অধিক