+ -

عن أبي مالكٍ الأشعريِّ رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم:
«الطُّهُورُ شَطْرُ الْإِيمَانِ، وَالْحَمْدُ لِلهِ تَمْلَأُ الْمِيزَانَ، وَسُبْحَانَ اللهِ وَالْحَمْدُ لِلهِ تَمْلَآنِ -أَوْ تَمْلَأُ- مَا بَيْنَ السَّمَاوَاتِ وَالْأَرْضِ، وَالصَّلَاةُ نُورٌ، وَالصَّدَقَةُ بُرْهَانٌ، وَالصَّبْرُ ضِيَاءٌ، وَالْقُرْآنُ حُجَّةٌ لَكَ أَوْ عَلَيْكَ، كُلُّ النَّاسِ يَغْدُو، فَبَايِعٌ نَفْسَهُ فَمُعْتِقُهَا أَوْ مُوبِقُهَا».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 223]
المزيــد ...

আবূ মালিক আল-আশ্ব'আৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"c2">“পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু "c2">“سبحان الله والحمد لله”
ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্রমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্রী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।”
صحيح - رواه مسلم

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, অজু গোছল আদি হৈছে প্ৰকাশ্য তাহাৰত বা পৱিত্ৰতা, আৰু এইটো হৈছে চালাতৰ চৰ্ত। এইদৰে তেখেতে কৈছে, আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰে, অৰ্থাৎ মহান আল্লাহক প্ৰশংসা কৰা আৰু তেওঁক পূৰ্ণাংগ বিশেষণেৰে বিশেষিত কৰা আদি কৰ্মক কিয়ামতৰ দিনা যেতিয়া ওজন কৰা হ'ব তেতিয়া ই আমলৰ পাল্লাক পৰিপূৰ্ণ তথা গধূৰ কৰিব। ছুবহানাল্লাহ আৰু আলহাম্দুলিল্লাহ’ অৰ্থাৎ আল্লাহক সকলো প্রকাৰ দোষ-ত্রুটিৰ পৰা পৱিত্ৰতা ঘোষণা কৰা আৰু মুহাব্বত আৰু সন্মান সহকাৰে তেওঁক পূৰ্ণাংগ বিশেষণেৰে বিশেষিত কৰা, যিটো তেওঁৰ বাবে প্ৰযোজ্য, এই কৰ্মই আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী ঠাইক পূৰ্ণ কৰি দিব। এইদৰে চালাত হৈছে বান্দাৰ বাবে নূৰ, এই নূৰ প্ৰকাশ পাব তেওঁৰ অন্তৰত, তেওঁৰ মুখমণ্ডলত, তেওঁৰ কবৰত আৰু হাশ্বৰত। চাদাক্বাহ হৈছে বুৰহান বা দলীল। অৰ্থাৎ মুমিনৰ প্ৰকৃত ঈমানৰ প্ৰমাণ। পক্ষান্তৰে মুনাফিকৰ বাবে এইটো প্ৰমাণ নহয়, কাৰণ মুনাফিকে ইয়াৰ পৰা বিৰত থাকে আৰু আখিৰাতক বিশ্বাস নকৰে। আৰু ধৈৰ্য্য হৈছে পোহৰ। অৰ্থাৎ ক্ৰোধ আৰু বিপদ-আপদত নিজৰ নফছক সংযত ৰখা। পোহৰৰ সৈতে উষ্ণতা আৰু জ্বলাব পৰা শক্তি থাকে। যেনে- সূৰ্য্যৰ পোহৰ। কিয়নো এইটো কঠিন আৰু ইয়াৰ বাবে প্ৰবৃত্তিৰ চাহিদাৰ বিপক্ষে যুঁজ দিব লাগে, সেইকাৰণে ধৈৰ্য্য ধাৰণ কৰা ব্যক্তিয়ে সদায় আলোৰ পথত হিদায়ত প্ৰাপ্ত হৈ সঠিক পথত অবিচল থাকে। ইয়াৰ বাবে আল্লাহৰ আনুগত্যত আৰু তেওঁৰ অবাধ্যতাৰ পৰা ধৈৰ্য্য ধাৰণ কৰিব লাগিব, লগতে পাৰ্থিৱ জীৱনৰ বিভিন্ন দুখ-কষ্ট আৰু বিপদ-আপদত ধৈৰ্য্য ধৰিব লাগিব। এইদৰে কোৰআন তোমাৰ সপক্ষে প্ৰমাণ হৈ থিয় দিব, যদি তুমি ইয়াক তিলাৱত কৰা আৰু সেইমতে আমল কৰা। অথবা তোমাৰ বিপক্ষে প্ৰমাণ হ'ব, যদি তুমি ইয়াৰ প্ৰতি আমল পৰিত্যাগ কৰা আৰু তিলাৱত নকৰা। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, প্ৰতিজন মানুহে জীৱনত চেষ্টা সাধনা কৰে, আৰু টোপনিৰ পৰা উঠি বিভিন্ন কৰ্মৰ বাবে ঘৰৰ পৰা ওলাই যায়। সিহঁতৰ মাজৰ কিছুমানে সঠিকভাৱে আল্লাহৰ আনুগত্য কৰে আৰু নিজকে জাহান্নামৰ পৰা মুক্ত কৰে, আনহাতে কিছুমানে তেওঁৰ পথৰ পৰা আঁতৰি যায় আৰু গুনাহত লিপ্ত হয়, ফলত সি ধ্বংস হৈ জাহান্নামত প্ৰৱেশ কৰে।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিচ ইন্দোনেচিয়ান উইঘোৰ বাংলা তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী ফাৰ্চি ভিয়েতনামীজ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই পুস্তু আল বানিয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইয়োৰুবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰৱাণ্ডা ৰোমানিয়ান চেক মালাগাছি
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. তাহাৰত বা পৱিত্ৰতা হৈছে দুই প্ৰকাৰঃ প্ৰকাশ্য তাহাৰত, এই পৱিত্ৰতা অৰ্জন হয় অজু আৰু গোছলৰ দ্বাৰা, আৰু দ্বিতীয়টো হৈছে আভ্যন্তৰীণ তাহাৰত, এইটো অৰ্জন হয় তাওহীদ, ঈমান আৰু নেক আমলৰ দ্বাৰা।
  2. নিয়মিত নামাজ পঢ়াৰ গুৰুত্ব। কিয়নো নামাজ হৈছে বান্দাৰ বাবে পৃথিৱী আৰু আখিৰাতৰ জ্যোতি।
  3. চাদাক্বা হৈছে প্ৰকৃত ঈমানৰ প্ৰমাণ।
  4. কোৰআনৰ প্ৰতি আমল কৰা আৰু ইয়াক সত্য বুলি ঈমান পোষণ কৰাৰ গুৰুত্ব, যাতে ই তোমাৰ সপক্ষে প্ৰমাণ হয়, বিপক্ষে নহয়।
  5. নফছক যদি তুমি নেক আমলত ব্যস্ত কৰি নৰখা তেন্তে সি তোমাক বেয়া কামত বা গুনাহৰ কামত ব্যস্ত কৰি ৰাখিব।
  6. প্ৰতিজন মানুহেই আমল কৰে, কিছুমানে নেক আমল কৰি নিজকে মুক্ত কৰায় আৰু কিছুমানে বেয়া কামত লিপ্ত হৈ নিজকে ধ্বংস কৰে।
  7. ধৈৰ্য্যৰ বাবে সহিষ্ণুতা আৰু আত্ম সমালোচনাৰ প্ৰয়োজন, এইটো অতি কঠিন বিষয়।
অধিক