+ -

عَنْ عَبْدِ اللَّهِ بِن مَسْعُودٍ رضي الله عنه قَالَ:
سَأَلْتُ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: أَيُّ العَمَلِ أَحَبُّ إِلَى اللَّهِ؟ قَالَ: «الصَّلاَةُ عَلَى وَقْتِهَا»، قَالَ: ثُمَّ أَيٌّ؟ قَالَ: «ثُمَّ بِرُّ الوَالِدَيْنِ» قَالَ: ثُمَّ أَيٌّ؟ قَالَ: «الجِهَادُ فِي سَبِيلِ اللَّهِ» قَالَ: حَدَّثَنِي بِهِنَّ، وَلَوِ اسْتَزَدْتُهُ لَزَادَنِي.

[صحيح] - [متفق عليه] - [صحيح البخاري: 527]
المزيــد ...

আব্দুল্লাহ বিন মাছউদ -ৰাদ্বিয়াল্লাহু আনহু-ৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলোঁ- আল্লাহৰ দৃষ্টিত আটাইতকৈ পছন্দনীয় আমল কোনটো? তেখেতে ক'লেঃ "সময়মতে নামাজ আদায় কৰা।" তেওঁ ক'লেঃ ইয়াৰ পিছত কোনটো? তেখেতে ক'লেঃ "পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰা।" তেওঁ ক'লেঃ তাৰ পিছত কোনটো? তেখেতে ক'লেঃ "আল্লাহৰ পথত জিহাদ কৰা।" তেওঁ কৈছেঃ তেখেতে মোক এইখিনি কথা কৈছে, মই যদি তেখেতক আৰু সুধিলোঁহেঁতেন তেন্তে তেখেতে আৰু ক'লেহেঁতেন।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 527]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সোধা হৈছে যে, আল্লাহৰ দৃষ্টিত আটাইতকৈ পছন্দনীয় আমল কোনটো? ইয়াৰ উত্তৰত তেখেতে কৈছেঃ চৰীয়তে নিৰ্ধাৰণ কৰা সময়ত ফৰজ নামাজসমূহ আদায় কৰা। ইয়াৰ পিছত হৈছে, পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰা, তেওঁলোকৰ প্ৰাপ্য অধিকাৰ যথাযথভাৱে পালন কৰা, তেওঁলোকৰ অবাধ্যতা নকৰা। ইয়াৰ পিছত হৈছে আল্লাহৰ পতাকা সুউচ্চ ৰাখিবলৈ আল্লাহৰ পথত যুদ্ধ কৰা, তথা ইছলাম আৰু মুছলিমৰ হৈ প্ৰতিৰক্ষা কৰা আৰু ইছলামী নিদৰ্শনাৱলীৰ হিফাজত কৰা। এই প্ৰতিৰক্ষা সম্পদৰ দ্বাৰাও কৰিব লাগিব আৰু সশৰীৰেও কৰিব লাগিব।
ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ তেখেতে মোক এইবোৰ আমল সম্পৰ্কে জনাইছে। যদি মই পুনৰ ক'লোহেঁতেন যে, ইয়াৰ পিছত কোনটো? তেন্তে তেখেতে আৰু ক'লেহেঁতেন।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান চেক الموري মালাগাছী ওৰোমো কান্নাড়া الولوف ইউক্ৰেইনীয়ান الجورجية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আল্লাহৰ পছন্দ অনুসৰি আমলৰ মাজতো স্তৰ আছে।
  2. নেক আমলৰ স্তৰ অনুসৰি মুছলিমসকলক আমল কৰিবলৈ উৎসাহিত কৰা হৈছে।
  3. আটাইতকৈ উত্তম আমল কোনটো, এই প্ৰশ্নটোৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ব্যক্তি আৰু পৰিস্থিতি সাপেক্ষে বিভিন্নজনক বেলেগ বেলেগ উত্তৰ দিছে। যাৰ বাবে যিটো আমল বেছি উপকাৰী আছিল, তাৰ কাৰণে সেইটো আমলকে উত্তম বুলি কৈছিল।
অধিক