عَنْ أَبِي هُرَيْرَةَ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«لَا تَدْخُلُونَ الْجَنَّةَ حَتَّى تُؤْمِنُوا، وَلَا تُؤْمِنُوا حَتَّى تَحَابُّوا، أَوَلَا أَدُلُّكُمْ عَلَى شَيْءٍ إِذَا فَعَلْتُمُوهُ تَحَابَبْتُمْ؟ أَفْشُوا السَّلَامَ بَيْنَكُمْ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 54]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
মুমিন নোহোৱাকৈ তোমালোকৰ মাজৰ কোনেও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, আৰু তোমালোকে প্ৰকৃত মুমিন হ'ব নোৱাৰিবা যেতিয়ালৈকে তোমালোকে ইজনে সিজনক মুহাব্বত নকৰিবা। মই তোমালোকক সেই বিষয়টো জনাই নিদিমনে, যিটো কৰিলে তোমালোকৰ পৰস্পৰৰ মাজত মুহাব্বত সৃষ্টি হ'ব? সেইটো হৈছেঃ তোমালোকে পৰস্পৰে ছালাম আদান প্ৰদান কৰা।

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 54]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, জান্নাতত কেৱল মুমিন ব্যক্তিসকলেহে প্ৰৱেশ কৰিব পাৰিব। ইপিনে ঈমান পৰিপূৰ্ণ হ'বলৈ আৰু মুছলিম সমাজৰ সংশোধনৰ বাবে পৰস্পৰে মুহাব্বত ৰখাটো অনিবাৰ্য। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুহাব্বত প্ৰসাৰিত কৰিবলৈ এটা উত্তম উপায় দেখুৱাইছে। সেইটো হৈছে মুছলিমসকলৰ মাজত ছালাম প্ৰচাৰ কৰা, যিটোক আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে অভিবাদন হিচাপে নিৰ্ধাৰণ কৰিছে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. জান্নাতত প্ৰৱেশ কৰিবলৈ হ'লে ঈমান অনিবাৰ্য।
  2. পৰিপূৰ্ণ ঈমানৰ অন্যতম এটা পৰিচয় হৈছে এই যে, মুছলিমে নিজৰ ভাতৃৰ বাবে সেইটোৱে পছন্দ কৰা যিটো সি নিজৰ বাবে পছন্দ কৰে।
  3. ছালাম প্ৰচাৰ কৰা আৰু মুছলিমসকলক ছালাম দিয়া মুস্তাহাব। কাৰণ ইয়াৰ দ্বাৰা মানুহৰ মাজত শান্তি বিস্তাৰ কৰে।
  4. ছালাম কেৱল মুছলমানকহে দিব লাগে। সেইকাৰণে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত "بينكم" (তোমালোকৰ মাজত) শব্দ ব্যৱহাৰ কৰিছে।
  5. ছালাম আদান-প্ৰদানৰ ফলত সম্পৰ্ক ছিন্ন, কথা-বতৰা বৰ্জন আৰু বিদ্বেষ আদি নিঃশেষ হৈ যায়।
  6. মুছলিমসকলৰ মাজত মুহাব্বতৰ গুৰুত্ব, আনকি ইয়াক ঈমানৰ পৰিপূৰ্ণতাৰ সৈতে সম্পৃক্ত কৰা হৈছে।
  7. আন এটা হাদীছত আহিছে যে, ছালামৰ সম্পূৰ্ণ বাক্য হৈছে (আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ), আনহাতে কেৱল (আচ্ছালামু আলাইকুম) ক'লেও যথেষ্ট হ'ব।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (56)
অধিক