عن أبي هريرة رضي الله عنه مرفوعًا: «السَّاعِي على الأَرْمَلَةِ والمِسْكِينِ، كالمُجَاهِدِ في سبيل الله». وأَحْسَبُهُ قال: «وكالقائم الذي لا يَفْتُرُ، وكالصائم الذي لا يُفْطِرُ».
[صحيح] - [متفق عليه]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা মাৰফু‘ হিচাপে বৰ্ণিত, "c2">“বিধৱা আৰু মিছকীনৰ বাবে (ভৰণ পোষণ যোগান ধৰা) চেষ্টাকাৰী ব্যক্তি আল্লাহৰ ৰাস্তাত যুদ্ধ কৰা মুজাহিদৰ দৰে”। বর্ণনাকাৰীয়ে কৈছে, মোৰ ধাৰণা হয় ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে এই কথাও কৈছে যে, "c2">“ৰাতি জাগৰণ কৰি ক্লান্তহীন ইবাদতকাৰী আৰু বিৰতিহীন চিয়াম পালনকাৰীৰ দৰে”। ছহীহ - মুত্তাফাকুন ‘আলাইহি (বুখাৰী আৰু মুছলিম)
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে সংবাদ দিছে যে, বিধৱা নাৰী আৰু অসহায় মিছকীনৰ কল্যাণ সাধন কৰিবলৈ যিয়ে কাম কৰিব, তেওঁলোকৰ ওপৰত ব্যয় কৰিব, সেই ব্যক্তি ছোৱাবৰ ক্ষেত্রত আল্লাহৰ ৰাস্তাত যুদ্ধ কৰা মুজাহিদৰ দৰে, তথা সেই ব্যক্তিৰ দৰে যিয়ে গোটেই ৰাতি জাগৰণ কৰি তাহাজ্জুদ আদায় কৰে আৰু ক্লান্তিবোধ নকৰে, লগতে সেই ব্যক্তিৰ দৰে যিয়ে নিয়মীয়াকৈ চিয়াম পালন কৰে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. বিধৱা আৰু মিছকীনসকলক যথাযোগ্য দায়িত্ব পালনকাৰীক মুজাহিদ আৰু তাহাজ্জুদ আদায়কাৰীৰ সৈতে তুলনা কৰাৰ কাৰণ হৈছে: এই ধৰণৰ নেক আমলসমূহৰ ওপৰত ধাৰাবাহিকতা বজায় ৰাখিবলৈ আত্মা আৰু চয়তানৰ সৈতে যুদ্ধ কৰাৰ প্ৰয়োজন হয়।
  2. দূৰ্বলসকলৰ মুচিবত দূৰ কৰা, সিহঁতৰ অভাৱ আৰু চাহিদা পূৰণ কৰা, লগতে সিহঁতৰ মান-সন্মান হিফাজত কৰাৰ প্ৰতি উৎসাহ প্ৰদান কৰা হৈছে।
  3. মুছলিমসকলৰ দায়িত্ব গ্ৰহণ, তেওঁলোকৰ দায়িত্ব লোৱা আৰু তেওঁলোকৰ সহযোগিতাৰ ওপৰত ইছলামী চৰীয়তে উৎসাহ প্ৰদান কৰিছে, যাতে ইছলামৰ ভেঁটি মজবুত হয়।
  4. সকলো প্ৰকাৰৰ নেক আমল ইবাদতৰ অন্তৰ্ভুক্ত।
  5. ইবাদত হৈছে: এনেকুৱা এটা নাম, যাৰ ভিতৰত জাহেৰী আৰু বাতেনী সকলো প্ৰকাৰ নেক আমল অন্তর্ভুক্ত আছে, যিবোৰক আল্লাহে পছন্দ কৰে তথা যিবোৰৰ প্ৰতি তেওঁ সন্তুষ্ট হয়।
অধিক