عَنْ عَائِشَةَ أُمِّ المؤْمِنين رَضيَ اللهُ عنها قَالَتْ:
جَاءَتْنِي مِسْكِينَةٌ تَحْمِلُ ابْنَتَيْنِ لَهَا، فَأَطْعَمْتُهَا ثَلَاثَ تَمَرَاتٍ، فَأَعْطَتْ كُلَّ وَاحِدَةٍ مِنْهُمَا تَمْرَةً، وَرَفَعَتْ إِلَى فِيهَا تَمْرَةً لِتَأْكُلَهَا، فَاسْتَطْعَمَتْهَا ابْنَتَاهَا، فَشَقَّتِ التَّمْرَةَ الَّتِي كَانَتْ تُرِيدُ أَنْ تَأْكُلَهَا بَيْنَهُمَا، فَأَعْجَبَنِي شَأْنُهَا، فَذَكَرْتُ الَّذِي صَنَعَتْ لِرَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَقَالَ: «إِنَّ اللهَ قَدْ أَوْجَبَ لَهَا بِهَا الْجَنَّةَ، أَوْ أَعْتَقَهَا بِهَا مِنَ النَّارِ».
[صحيح] - [رواه مسلم] - [صحيح مسلم: 2630]
المزيــد ...
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
এজনী দৰিদ্ৰ মহিলা তাইৰ দুজনী কন্যা সন্তান কোলাতলৈ মোৰ ওচৰলৈ আহিল। মই তাইক তিনিটা খেজুৰ খাবলৈ দিলোঁ। ইয়াৰ পিছত তাই দুয়ো কন্যাক এটা এটাকৈ খেজুৰ ভগাই দিলে আৰু এটা খেজুৰ নিজে খাবলৈ মুখ পৰ্যন্ত উঠাইছে ইতিমধ্যে ছোৱালী দুজনীয়ে সেইটোও খাব বিচাৰিলে। ফলত মহিলাগৰাকীয়ে সেই খেজুৰটোকো ফালি দুভাগ কৰি উভয়ৰ মাজত বণ্টন কৰি দিলে। তাইৰ এই কৰ্মটোৱে মোক অত্যন্ত মুগ্ধ কৰিলে। সেয়ে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উক্ত বিষয়টো উল্লেখ কৰিলোঁ। তেখেতে ক'লেঃ "নিশ্চয় মহান আল্লাহে তাইৰ এই কৰ্মৰ বিনিময়ত তাইৰ বাবে জান্নাত ওৱাজিব কৰিছে, নাইবা তাইক জাহান্নামৰ পৰা মুক্ত কৰি দিছে।"
[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2630]
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই বৰ্ণনা কৰিছে যে, এজনী দুখীয়া মহিলাই দুটি কন্যা শিশু কোলাতলৈ মোৰ ওচৰলৈ আহি ভিক্ষা খুজিলে। মই তাইক তিনিটা খেজুৰ খাবলৈ দিলোঁ। কিন্তু তাই খেজুৰ তিনিটা লৈ এটা এটাকৈ ছোৱালী দুজনীক ভগাই দিলে আৰু এটা নিজে খাবলৈ মুখৰ ফালে আনিলে, কিন্তু তাইৰ শিশু দুটিয়ে সেইটোও বিচাৰিলে। এই দেখি তাই খেজুৰটো ফালি দুভাগ কৰি দুয়ো শিশুক ভগাই দিলে। ঘটনাটো দেখি আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই মুগ্ধ হ'ল আৰু তেওঁ ঘটনাটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বৰ্ণনা কৰিলে। ঘটনাটো শুনি তেখেতে ক'লেঃ নিশ্চয় মহান আল্লাহে তাইৰ এই এটা খেজুৰৰ বিনিময়ত তাইৰ বাবে জান্নাত ওৱাজিব কৰিছে, নাইবা তাইক ইয়াৰ ফলত জাহান্নামৰ পৰা মুক্ত কৰি দিছে।