عن أبي هريرة رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم:
«إِنَّ أَثْقَلَ صَلَاةٍ عَلَى الْمُنَافِقِينَ صَلَاةُ الْعِشَاءِ وَصَلَاةُ الْفَجْرِ، وَلَوْ يَعْلَمُونَ مَا فِيهِمَا لَأَتَوْهُمَا وَلَوْ حَبْوًا، وَلَقَدْ هَمَمْتُ أَنْ آمُرَ بِالصَّلَاةِ فَتُقَامَ، ثُمَّ آمُرَ رَجُلًا فَيُصَلِّيَ بِالنَّاسِ، ثُمَّ أَنْطَلِقَ مَعِي بِرِجَالٍ مَعَهُمْ حُزَمٌ مِنْ حَطَبٍ إِلَى قَوْمٍ لَا يَشْهَدُونَ الصَّلَاةَ، فَأُحَرِّقَ عَلَيْهِمْ بُيُوتَهُمْ بِالنَّارِ».
[صحيح] - [متفق عليه] - [صحيح مسلم: 651]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
মুনাফিকসকলৰ ওপৰত আটাইতকৈ কঠিন চালাত হৈছে, ঈশ্বা আৰু ফজৰৰ চালাত। সিহঁতে যদি এই দুই চালাতৰ ফজিলত সম্পর্কে জানিলেহেঁতেন তেনেহ’লে চুঁচৰি হ’লেও তাত উপস্থিত হ’লহেঁতেন। মোৰ এনেকুৱা লাগে যে, মই চালাত আদায় কৰাৰ আদেশ দিওঁ ফলত ইকামত দিয়া হওক, আৰু ইয়াৰ পিছত কাৰোবাক নামাজ পঢ়াবলৈ নিৰ্দেশ দিওঁ যেন তেওঁ মানুহকলৈ চালাত আদায় কৰে। আৰু মই এনেকুৱা কিছুমান মানুহক লগত লৈ যাম যিসকলৰ লগত থাকিব খৰিৰ বোজা, সেইসকল লোকৰ ঘৰলৈ যাম যিসকলে চালাতত উপস্থিত হোৱা নাই, ফলত সেই খৰিৰে সিহঁতৰ ঘৰত জুই লগাই দিম।
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 651]
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুনাফিকসকলৰ বিষয়ে সংবাদ দিছে যে, সিহঁতে নামাজত উপস্থিত হোৱাৰ ক্ষেত্ৰত অৱহেলা কৰে, বিশেষকৈ ঈশ্বা আৰু ফজৰৰ নামাজত। এই দুটা নামাজ জামাতৰ সৈতে পঢ়িলে যি ছোৱাব পোৱা যায় সেইটো যদি সিহঁতে জানিলেহেঁতেন তেন্তে কেঁচুৱাৰ দৰে হাত আৰু আঠুৰ সহায়ত চুঁচৰি হ'লেও আহিলহেঁতেন।
. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই প্ৰতিজ্ঞা লবলৈ মনস্থ কৰিছিল যে, তেখেতে ইমামৰ স্থানত কাৰোবাক নামাজ আৰম্ভ কৰিবলৈ দি তেখেতে সেইসকল লোকৰ ঘৰ জলাই দিবলৈ যাব, যিসকলে জামাআতত নামাজ পঢ়িবলৈ উপস্থিত হোৱা নাই। ইয়াৰ দ্বাৰা তেখেতে এইটো স্পষ্ট কৰিব বিচাৰিছে যে, এইটো কিমান ভয়াৱহ গুনাহ। কিন্তু তেখেতে সেইটো কৰা নাছিল, কাৰণ ঘৰত মহিলা, নিৰ্দোষী শিশু আৰু উচিত কাৰণ থকা লোকসকলো থাকে, জামাতত উপস্থিত নহ'লে যিসকলৰ কোনো গুনাহ নাই।