عَنْ مُصْعَبِ بْنِ سَعْدٍ قَالَ: رَأَى سَعْدٌ رَضِيَ اللَّهُ عَنْهُ أَنَّ لَهُ فَضْلًا عَلَى مَنْ دُونَهُ، فَقَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«هَلْ تُنْصَرُونَ وَتُرْزَقُونَ إِلَّا بِضُعَفَائِكُمْ».
[صحيح] - [رواه البخاري] - [صحيح البخاري: 2896]
المزيــد ...
মুচআব বিন চাআদৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ চাআদ বিন আবি অক্কাছে দুখীয়া শ্ৰেণীৰ লোকৰ ওপৰত তেওঁ নিজকে প্ৰাধান্য প্ৰাপ্ত বুলি ধাৰণা কৰাত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ
"তোমালোকৰ মাজৰ দুৰ্বল লোকসকলৰ কাৰণেই তোমালোকক জীৱিকা প্ৰদান কৰা হয় আৰু তোমালোকক সহায় কৰা হয়।"
[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 2896]
ছাআদ বিন আবি অক্কাছ ৰাদ্বিয়াল্লাহু আনহুৱে ধাৰণা কৰিলে যে, তেওঁ যিহেতু এজন বাহাদুৰ শক্তিশালী ব্যক্তি, সেয়ে তেওঁ অন্যান্য দুৰ্বল লোকতকৈ মৰ্যাদাৱান, তথা তেওঁৰ সৈতে দুৰ্বলসকলৰ তুলনা নহয়। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ শুনা! তোমালোকৰ মাজৰ এই দুৰ্বল লোকসকলৰ দুআ, নামাজ আৰু ইখলাচৰ কাৰণেই তোমালোকক জীৱিকা প্ৰদান কৰা হয় আৰু সহায় কৰা হয়। তেওঁলোকে দুআ কৰাৰ ক্ষেত্ৰত অত্যন্ত নিষ্ঠা সহকাৰে দুআ কৰে। দুনিয়াৰ মোহ মায়া এৰি একান্ত মনে বিনীত হৈ ইবাদত কৰে।