عن جُندب بن عبد الله القَسْرِِي رضي الله عنه قال: قال رسول الله صلى الله عليه وسلم:
«مَنْ صَلَّى صَلَاةَ الصُّبْحِ فَهُوَ فِي ذِمَّةِ اللهِ، فَلَا يَطْلُبَنَّكُمُ اللهُ مِنْ ذِمَّتِهِ بِشَيْءٍ، فَإِنَّهُ مَنْ يَطْلُبْهُ مِنْ ذِمَّتِهِ بِشَيْءٍ يُدْرِكْهُ، ثُمَّ يَكُبَّهُ عَلَى وَجْهِهِ فِي نَارِ جَهَنَّمَ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 657]
المزيــد ...

জুনদুব বিন আব্দুল্লাহ আল-কাছৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
“যি ব্যক্তিয়ে ফজৰৰ চালাত আদায় কৰে, তেওঁ আল্লাহৰ জিম্মাত থাকে। এতেকে (এনেকুৱা কাম কৰা যাতে) আল্লাহে তেওঁৰ জিম্মাত থকা অৱস্থাত কোনো বিষয় সম্পৰ্কে তোমাৰ বিপক্ষে বাদী নহয়। কাৰণ তেওঁ যাৰ বিপক্ষে নিজৰ দায়িত্বৰ কোনো বিষয়ে বাদী হয়, তাক (নিশ্চিতভাৱে) কৰায়ত্ত কৰিব। ইয়াৰ পিছত তাক নাক চোঁচৰাই জাহান্নামত নিক্ষেপ কৰিব।”

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 657]

ব্যাখ্যা

নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে বৰ্ণনা কৰিছে যে, যি ব্যক্তিয়ে ফজৰৰ চালাত আদায় কৰে তেওঁ আল্লাহৰ হিফাজতত থাকে, তেওঁৰ জিম্মাত তথা তেওঁৰ সংৰক্ষণত থাকে। আল্লাহে তাক বিপদাপদৰ পৰা ৰক্ষা কৰে আৰু তাক সহায় কৰে।
ইয়াৰ পিছত নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে সাৱধান কৰিছে যে, ফজৰৰ চালাত ত্যাগ কৰি অথবা মুছল্লিৰ প্রতি সীমালংঘন কৰি নাইবা তাক লাঞ্ছিত কৰি যি ব্যক্তিয়ে আল্লাহৰ সৈতে কৰা প্ৰতিশ্ৰুতি ভংগ কৰে, সি দৰাচলতে নিৰাপত্তাৰ দেৱাল ভাঙি পেলায় আৰু সি কঠিন শাস্তিৰ যোগ্য হৈ পৰে। কাৰণ সি খৰ্ব কৰা অধিকাৰ সম্পৰ্কে আল্লাহে তাক সোধ-পোচ কৰিব। জানি থোৱা! আল্লাহে যাৰ বিপক্ষে বাদী হ'ব, তাক তেওঁ নিশ্চিতভাৱে জাহান্নামত নিক্ষেপ কৰিব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. ফজৰৰ চালাতৰ গুৰুত্ব আৰু ইয়াৰ ফজিলতৰ বৰ্ণনা।
  2. যি ব্যক্তিয়ে ফজৰৰ চালাত আদায় কৰিছে, সেই ব্যক্তিক কোনো ধৰণৰ কষ্ট নিদিবলৈ কঠিন সতর্কবাণী দিয়া হৈছে।
  3. যিসকলে আল্লাহৰ পূণ্যৱান বান্দাসকলক লাঞ্ছিত কৰে, আল্লাহে সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (68)
অধিক