عَنْ أَبِي هُرَيْرَةَ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«مَنْ تَوَضَّأَ فَأَحْسَنَ الْوُضُوءَ ثُمَّ أَتَى الْجُمُعَةَ فَاسْتَمَعَ وَأَنْصَتَ غُفِرَ لَهُ مَا بَيْنَهُ وَبَيْنَ الْجُمُعَةِ وَزِيَادَةُ ثَلَاثَةِ أَيَّامٍ، وَمَنْ مَسَّ الْحَصَى فَقَدْ لَغَا».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 857]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যিয়ে সুন্দৰকৈ অজু কৰি জুমুআৰ বাবে উপস্থিত হয়, লগতে মনোযোগ সহকাৰে খুতবা শুনে আৰু মনে মনে থাকে, তাৰ দুই জুমুআৰ মাজৰ আৰু অধিক তিনি দিনৰ গুনাহ ক্ষমা কৰি দিয়া হয়। আনহাতে যিয়ে (জুমুআৰ সময়ত) শিলগুটিৰে খেলি থাকে সি অলাগতিয়াল কাম কৰে।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 857]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে অজুৰ আৰকান ছুন্নত আৰু নিয়ম অনুসৰি সুন্দৰকৈ অজু কৰিব আৰু তাৰ পিছত জুমুআৰ বাবে উপস্থিত হৈ মনোযোগ সহকাৰে ইমামৰ খুতবা শুনিব, লগতে অলাগতিয়াল কৰ্মৰ পৰা বিৰত থাকিব, আল্লাহে তাৰ দহ দিনৰ সকলো সৰু গুনাহ ক্ষমা কৰি দিব। এটা জুমুআৰ পৰা আন এটা জুমুআলৈ আৰু অধিক তিনিদিন ইয়াৰ অন্তৰ্ভুক্ত। কাৰণ সৎকৰ্মৰ প্ৰতিদান দহগুণ বৃদ্ধিকৈ দিয়া হয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে খুতবাৰ নছিহতৰ পৰা অমোনোযাগী হৈ থাকিবলৈ সতৰ্ক কৰিছে। এইদৰে অংগ-প্ৰত্যংগৰ দ্বাৰা শিলগুটি স্পৰ্শ কৰি খেলি থাকিবলৈ নিষেধ কৰিছে। কাৰণ যিয়ে এনেকুৱা কৰে সি দৰাচলতে অলাগতিয়াল কাম কৰে, আৰু যিয়ে অলাগতিয়াল কাম কৰে সি জুমুআৰ পৰিপূৰ্ণ ছোৱাবৰ পৰা বঞ্চিত হয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. পৰিপূৰ্ণৰূপে অজু কৰিবলৈ উৎসাহিত কৰা হৈছে। লগতে নিয়মিত জুমুআৰ চালাত আদায় কৰিবলৈ প্ৰেৰণা দিয়া হৈছে।
  2. জুমুআৰ নামাজৰ ফজীলত
  3. জুমুআৰ খুতবাৰ সময়ত মনে মনে থকা ওৱাজিব। কথা-বতৰা বা অন্য কোনো অলাগতিয়াল কামত ব্যস্ত থকা নিষেধ।
  4. খুতবাৰ সময়ত যিয়ে অলাগতিয়াল কাম কৰে, তাৰ জুমুআ হৈ যাব কিন্তু পৰিপূৰ্ণ ছোৱাবৰ পৰা বঞ্চিত হ'ব।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (52)