عَنْ سَهْلِ بْنِ مُعَاذِ بْنِ أَنَسٍ عَنْ أَبِيهِ قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ:
«مَنْ أَكَلَ طَعَامًا فَقَالَ: الحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنِي هَذَا وَرَزَقَنِيهِ مِنْ غَيْرِ حَوْلٍ مِنِّي وَلاَ قُوَّةٍ، غُفِرَ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ».

[حسن] - [رواه أبو داود والترمذي وابن ماجه وأحمد] - [سنن الترمذي: 3458]
المزيــد ...

ছাহল বিন মুআজ বিন আনাছে তেওঁৰ পিতৃৰ পৰা বৰ্ণনা কৰি কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
যিয়ে পানাহাৰ কৰাৰ পিছত এই দুআ পাঠ কৰিবঃ (الحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنِي هَذَا وَرَزَقَنِيهِ مِنْ غَيْرِ حَوْلٍ مِنِّي وَلاَ قُوَّةٍ) উচ্চাৰণঃ "আলহাম্দুলিল্লাহিল লাজী আত্বআমানী হাজা, অৰাঝাকানীহি মিন গাইৰি হাওলিম মিন্নি অলা কুওৱাহ।" অৰ্থঃ "সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, যিয়ে মোক এই আহাৰ কৰালে তথা মোক জীৱিকা প্ৰদান কৰিলে। অথচ এই ক্ষেত্ৰত মোৰ কোনো শক্তি সামৰ্থ নাছিল।" সেই ব্যক্তিৰ অতীতৰ সকলো গুনাহ ক্ষমা কৰি দিয়া হয়।

[হাছান] - [(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ, আহমদ)] - [ছুনান তিৰমিজী - 3458]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পানাহাৰ কৰাৰ পিছত আল্লাহৰ প্ৰশংসা কৰিবলৈ উৎসাহিত কৰিছে। মহান আল্লাহৰ সহায়-সহযোগিতা অবিহনে এই আহাৰ প্ৰস্তুত কৰা আৰু ভক্ষণ কৰাৰ মোৰ কোনো শক্তি সামৰ্থ নাছিল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সুসংবাদ দিছে যে, যিয়ে এই দুআটো পাঠ কৰিব তেওঁ আল্লাহৰ মাগফিৰাত তথা ক্ষমাৰ পাত্ৰ হ'ব। তেওঁৰ অতীতৰ সকলো সৰু গুনাহ ক্ষমা কৰি দিয়া হ'ব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. পানাহাৰ কৰি আল্লাহৰ প্ৰশংসা কৰা মুস্তাহাব।
  2. হাদীছটোত আল্লাহৰ মহান অনুগ্ৰহৰ কথা বৰ্ণিত হৈছে। তেৱেঁই বান্দাক জীৱিকা দান কৰে আৰু জীৱিকাৰ সকলো উপায় সহজ কৰি দিয়ে, লগতে ইয়াৰ দ্বাৰা বান্দাৰ গুনাহো ক্ষমা কৰি দিয়ে।
  3. বান্দাৰ সকলো বিষয় আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰিত। বান্দাই নিজৰ শক্তি সামৰ্থৰ দ্বাৰা একো কৰিব নোৱাৰে। বান্দাক কেৱল কাৰণ অনুসৰি কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ওৰোমো কান্নাড়া الولوف আজেৰি ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية البنجابية الماراثية
অনুবাদ চাওক
অধিক