عَنْ سَهْلِ بْنِ سَعْدٍ السَّاعِدِيِّ رَضِيَ اللَّهُ عَنْهُ أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«رِبَاطُ يَوْمٍ فِي سَبِيلِ اللَّهِ خَيْرٌ مِنَ الدُّنْيَا وَمَا عَلَيْهَا، وَمَوْضِعُ سَوْطِ أَحَدِكُمْ مِنَ الجَنَّةِ خَيْرٌ مِنَ الدُّنْيَا وَمَا عَلَيْهَا، وَالرَّوْحَةُ يَرُوحُهَا العَبْدُ فِي سَبِيلِ اللَّهِ أَوِ الغَدْوَةُ خَيْرٌ مِنَ الدُّنْيَا وَمَا عَلَيْهَا».
[صحيح] - [متفق عليه] - [صحيح البخاري: 2892]
المزيــد ...
ছাহল বিন ছাআদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"আল্লাহৰ পথত এদিন সীমান্তৰ প্ৰহৰী হৈ কটোৱাটো পৃথিৱীতকৈ আৰু পৃথিৱীৰ ওপৰত থকা সকলো বস্তুতকৈ উত্তম। জান্নাতত তোমালোকৰ এক চাবুক পৰিমাণ স্থানো পৃথিৱীতকৈ আৰু পৃথিৱীৰ ওপৰত থকা সকলো বস্তুতকৈ উত্তম। আল্লাহৰ পথত এটি পুৱা অতিবাহিত কৰা বা এটি গধূলি পাৰ কৰাটো পৃথিৱীতকৈ আৰু ইয়াৰ ওপৰত থকা সকলো বস্তুতকৈ উত্তম।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 2892]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মুছলিমসকলক শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ নিষ্ঠা সহকাৰে আল্লাহৰ উদ্দেশ্যে দৃঢ়ভাৱে এটা দিন পাৰ কৰাৰ প্ৰতিদান হৈছে পৃথিৱী আৰু ইয়াৰ ভিতৰত থকা সকলো বস্তুতকৈ উত্তম। এইদৰে মুজাহিদে জিহাদত ব্যৱহাৰ কৰা এটা চাবুকৰ সমান জান্নাতৰ ঠাই গোটেই পৃথিৱী আৰু ইয়াত থকা সকলো বস্তুতকৈ উত্তম। এইদৰে পুৱাৰ পৰা দুপৰীয়ালৈকে অথবা দুপৰীয়াৰ পৰা সন্ধিয়ালৈকে আল্লাহৰ পথত অতিবাহিত কৰাটো পৃথিৱী আৰু ইয়াৰ ভিতৰত থকা সকলো বস্তুতকৈ উত্তম।