عَنْ أَبِي مُوسَى رضي الله عنه قَالَ:
سُئِلَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَنِ الرَّجُلِ يُقَاتِلُ شَجَاعَةً، وَيُقَاتِلُ حَمِيَّةً، وَيُقَاتِلُ رِيَاءً، أَيُّ ذَلِكَ فِي سَبِيلِ اللهِ؟ فَقَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «مَنْ قَاتَلَ لِتَكُونَ كَلِمَةُ اللهِ هِيَ الْعُلْيَا، فَهُوَ فِي سَبِيلِ اللهِ».

[صحيح] - [متفق عليه] - [صحيح مسلم: 1904]
المزيــد ...

আবু মূছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হৈছিল যে, কিছুমানে বীৰত্ব প্ৰদৰ্শনৰ বাবে যুদ্ধ কৰে, আন কিছুমানে বংশীয় আভিজাত্যৰ কাৰণে যুদ্ধ কৰে, আকৌ কিছুমানে লোকক দেখুৱাবলৈ যুদ্ধ কৰে, ইয়াৰ মাজৰ কোনটোক আল্লাহৰ পথত কৰা যুদ্ধ বুলি গণ্য কৰা হ'ব? তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছিলঃ "যিয়ে আল্লাহৰ কলিমাক সুউচ্চ কৰাৰ উদ্দেশ্যে যুদ্ধ কৰিব, তাৰ যুদ্ধকহে আল্লাহৰ পথত কৰা যুদ্ধ হিচাপে গণ্য কৰা হ'ব"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 1904]

ব্যাখ্যা

যুদ্ধাসকলৰ মাজত থকা ভিন ভিন উদ্দেশ্য সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হৈছিল যে, যিয়ে বীৰত্ব দেখুৱাবলৈ যুদ্ধ কৰে, অথবা বংশ মৰ্যাদা ৰক্ষা কৰিবলৈ যুদ্ধ কৰে নাইবা মানুহৰ মাজত নিজৰ অৱস্থান দেখুৱাবলৈ যুদ্ধ কৰে বা ইয়াৰ বাহিৰে অন্যান্য যিবোৰ কাৰণত মানুহে যুদ্ধ কৰে, সেইবোৰৰ মাজত কোনটোক আল্লাহৰ পথত কৰা যুদ্ধ হিচাপে গণ্য কৰা হ'ব? ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, আল্লাহৰ পথৰ যুদ্ধা হৈছে সেই ব্যক্তি, যিয়ে আল্লাহৰ কলিমাক সুউচ্চ কৰিবলৈ যুদ্ধ কৰে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. আমল বিশুদ্ধ বা বাতিল হোৱাটো নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত। লগতে সেই আমলটো বিশুদ্ধচিত্তে একমাত্ৰ আল্লাহৰ উদ্দেশ্যে কৰিব লাগিব।
  2. যদি জিহাদৰ মূল উদ্দেশ্য হয় আল্লাহৰ কলিমাক সুউচ্চ কৰা, লগতে ইয়াৰ সৈতে বেলেগ কোনো বৈধ উদ্দেশ্য জড়িত থাকে, যেনে- গনীমত অৰ্জন কৰা, তেন্তে মূল উদ্দেশ্যত কোনো প্ৰভাৱ নপৰিব।
  3. স্বদেশক ৰক্ষা কৰিবলৈ আৰু মান-সন্মান ৰক্ষা কৰিবলৈ শত্ৰুক প্ৰতিহত কৰাটো হৈছে আল্লাহৰ পথত যুদ্ধ কৰাৰ অন্তৰ্ভুক্ত।
  4. মুজাহিদৰ বিষয়ে বৰ্ণিত ফজীলতসমূহ কেৱল সেইসকল লোকৰ বাবেই নিৰ্দিষ্ট, যিসকলে আল্লাহৰ বাণীক সুউচ্চ কৰিবলৈ যুদ্ধ কৰে।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (57)