+ -

عَنْ أَبِي سَعِيدٍ الخُدْرِيِّ رضي الله عنه أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«إِذَا سَمِعْتُمُ النِّدَاءَ، فَقُولُوا مِثْلَ مَا يَقُولُ المُؤَذِّنُ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 611]
المزيــد ...

আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যেতিয়া তোমালোকে আজান শুনিবা, তেতিয়া সেইদৰেই ক'বা যিদৰে মুআজ্জিনে কয়।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 611]

ব্যাখ্যা

উক্ত হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আজানৰ উত্তৰ দিবলৈ উৎসাহিত কৰিছে। আজানত মুআজ্জিনে যিদৰে কয় ঠিক সেইদৰে প্ৰতিটো বাক্যৰ এটা এটাকৈ উত্তৰ দিবলৈ কৈছে। যেতিয়া তেওঁ তাকবীৰ দিয়ে (অৰ্থাৎ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ বুলি কয়), ইয়াৰ পিছত আমিও তাকবীৰ দিব লাগে। এইদৰে যেতিয়া তেওঁ শ্বাহাদাতাইন উচ্চাৰণ কৰে (অৰ্থাৎ আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহ আৰু আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছূলুল্লাহ কয়) তেতিয়া আমিও সেইদৰেই ক'ব লাগে। কেৱল "হাই আলাচ্ছালাহ" আৰু "হাই আলাল ফালাহ"ৰ বাহিৰে, কাৰণ ইয়াৰ পিছত, "লা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ" বুলি ক'ব লাগে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. হাদীছটোৰ সাধাৰণ অৰ্থই এইটো বুজায় যে, যদি এজন মুআজ্জিনৰ আজানৰ উত্তৰ দিওঁতেই আন এজন মুআজ্জিনৰ আজান শুনা যায় তেন্তে প্ৰথম মুআজ্জিনৰ আজানৰ উত্তৰ দিয়াৰ পিছত দ্বিতীয় মুআজ্জিনৰ আজানৰ উত্তৰ দিব লাগে।
  2. প্ৰস্ৰাৱ পায়খানাৰ অৱস্থাত থকাৰ বাহিৰে, বাকী যিকোনো অৱস্থাতে মুআজ্জিনৰ আজানৰ উত্তৰ দিব লাগে।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ওৰোমো কান্নাড়া الولوف আজেৰি উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
অধিক