+ -

عَنْ عَبْدِ اللهِ بْنِ مُغَفَّلٍ رضي الله عنه قَالَ: قَالَ النَّبِيُّ صلى الله عليه وسلم:
«بَيْنَ كُلِّ أَذَانَيْنِ صَلَاةٌ، بَيْنَ كُلِّ أَذَانَيْنِ صَلَاةٌ» ثُمَّ قَالَ فِي الثَّالِثَةِ: «لِمَنْ شَاءَ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 627]
المزيــد ...

আব্দুল্লাহ বিন মুগাফ্ফল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ, প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ।" ইয়াৰ পিছত তৃতীয়বাৰত তেখেতে কৈছিলঃ "যাৰ ইচ্ছা সি পঢ়িব পাৰে।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 627]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা জনাইছে যে, প্ৰত্যেক আজান আৰু ইকামতৰ মাজত নফল নামাজ আছে। এই কথা তেখেতে তিনিবাৰ কৈছিল। তৃতীয়বাৰত তেখেতে কৈছিল, যিয়ে পঢ়িব বিচাৰে তেওঁ পঢ়িব পাৰে, এইটো মুস্তাহাব।

অনুবাদ: ইংৰাজী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ছিনহালী ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা মালয়ালম শ্বাহিলী থাই পুস্তু ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ৰোমানিয়ান মালাগাছী
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আজান আৰু ইকামতৰ মাজত নামাজ পঢ়া মুস্তাহাব।
  2. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো এটা নীতি আছিল যে, তেখেতে গুৰুত্বপূৰ্ণ কথাক পুনৰাবৃত্তি কৰিছিল। যাতে শ্ৰোতাই শুনা পায় আৰু ইয়াৰ গুৰুত্ব বুজি পায়।
  3. দুই আজানৰ দ্বাৰা আজান আৰু ইকামতক বুজোৱা হৈছে। আৰবী ভাষাত অধিক ব্যৱহাৰ হোৱা কোনো বিষয়ক এনেকৈয়ে বুজোৱা হয়। উদাহৰণস্বৰূপে সূৰ্য্য আৰু চন্দ্ৰক বুজাবলৈ কোৱা হয় কামাৰাইন। এইদৰে ওমৰাইন বুলি আবু বকৰ আৰু ওমৰক বুজোৱা হয়।
  4. আজান হৈছে সময় হোৱাৰ জাননী। আনহাতে ইকামত হৈছে নামাজ আৰম্ভ হোৱাৰ জাননী।
অধিক