عَنْ ‌عَبْدِ اللهِ بْنِ عَمْرِو بْنِ الْعَاصِ رضي الله عنها أَنَّهُ سَمِعَ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«إِذَا سَمِعْتُمُ الْمُؤَذِّنَ فَقُولُوا مِثْلَ مَا يَقُولُ، ثُمَّ صَلُّوا عَلَيَّ، فَإِنَّهُ مَنْ صَلَّى عَلَيَّ صَلَاةً صَلَّى اللهُ عَلَيْهِ بِهَا عَشْرًا، ثُمَّ سَلُوا اللهَ لِيَ الْوَسِيلَةَ، فَإِنَّهَا مَنْزِلَةٌ فِي الْجَنَّةِ، لَا تَنْبَغِي إِلَّا لِعَبْدٍ مِنْ عِبَادِ اللهِ، وَأَرْجُو أَنْ أَكُونَ أَنَا هُوَ، فَمَنْ سَأَلَ لِيَ الْوَسِيلَةَ حَلَّتْ لَهُ الشَّفَاعَةُ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 384]
المزيــد ...

আব্দুল্লাহ বিন আমৰ ইবনুল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ
তোমালোকে যেতিয়া মুআজ্জিনক আজান দিওঁতে শুনিবা, তেতিয়া মুআজ্জিনে যি যি কয় তোমালোকেও তাকেই ক'বা। ইয়াৰ পিছত মোৰ ওপৰত দৰূদ পাঠ কৰিবা। কাৰণ যিয়ে মোৰ ওপৰত এবাৰ দৰূদ পাঠ কৰে, তাৰ ওপৰত আল্লাহে দহটা ৰহমত অৱতীৰ্ণ কৰে। ইয়াৰ পিছত আল্লাহৰ ওচৰত তোমালোকে মোৰ বাবে অছীলাহ মাগিবা। অছীলাহ হৈছে জান্নাতৰ এটা বিশেষ স্থান, যিখন আল্লাহৰ কোনো এজন নেক বান্দাক দিয়া হ'ব। মই আশা কৰোঁ সেইজন ময়েই হম। যিয়ে মোৰ বাবে অছীলাহ মাগিব, তাৰ ওপৰত মোৰ শ্বাফাআত ওৱাজিব হৈ যাব।

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 384]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, যিয়ে নামাজৰ আজান শুনিব, তেওঁ মুআজ্জিনৰ পিছে পিছে সেইখিনি কথাকে ক'ব লাগে যিখিনি কথা মুআজ্জিনে কয়, কেৱল হাই আলাচ্ছালাহ আৰু হাই আলাল ফালাহৰ বাহিৰে। কিয়নো ইয়াৰ পিছত "লা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ" ক'ব লাগে। আজান শেষ হোৱাৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পঢ়িব লাগে। কাৰণ যিয়ে তেখেতৰ ওপৰত এবাৰ দৰূদ পাঠ কৰে, তাৰ ওপৰত আল্লাহে দহটা ৰহমত বৰ্ষণ কৰে। এইদৰে বান্দাৰ প্ৰতি আল্লাহৰ চালাতৰ অৰ্থ হৈছে, আল্লাহে ফিৰিস্তাসকলৰ সন্মুখত বান্দাৰ প্ৰশংসা কৰে।
ইয়াৰ পিছত তেখেতে আল্লাহৰ ওচৰত তেখেতৰ বাবে অছীলাহ তলব কৰিবলৈ কৈছে। অছীলাহ হৈছে জান্নাতৰ এটা বিশেষ তথা সুউচ্চ স্থান। সেইখন কেৱলমাত্ৰ এজন বান্দাইহে লাভ কৰিব। তেখেতে কৈছে, আশা কৰোঁ সেইজন কিজানি ময়ে হম। এই কথাষাৰ তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে বিনয় সহকাৰে কৈছিল। কিয়নো সেই উচ্চ স্থান যদি কেৱল এজন বান্দাৰ বাবেই নিৰ্দিষ্ট হয়, তেন্তে সেইখন তেখেতৰ বাহিৰে আন কাৰো হ'বই নোৱাৰে, কাৰণ তেখেত হৈছে সকলো সৃষ্টিৰ মাজত সৰ্বোৎকৃষ্ট।
ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, যিয়ে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে অছীলাহ তলব কৰিব, তেওঁ তেখেতৰ শ্বাফাআত অৰ্জন কৰিব।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. আজানৰ উত্তৰ দিবলৈ উৎসাহিত কৰা হৈছে।
  2. আজানৰ উত্তৰ দিয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ পাঠ কৰাৰ ফজিলত।
  3. তেখেতৰ প্ৰতি দৰূদ পাঠ কৰাৰ পিছত তেখেতৰ বাবে অছীলাহ বিচাৰি দুআ কৰিবলৈ উৎসাহিত কৰা হৈছে।
  4. অছীলাৰ অৰ্থ বৰ্ণনা কৰা হৈছে যে, এইখন হৈছে সুউচ্চ স্থান, যিখন কেৱলমাত্ৰ এজন বান্দাৰ বাবেই নিৰ্দিষ্ট।
  5. ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰো ফজিলত বৰ্ণিত হৈছে, কাৰণ এই সুউচ্চ স্থান তেখেতৰ বাবেই নিৰ্দিষ্ট ৰখা হৈছে।
  6. যিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে অছীলাহ তলব কৰি প্ৰাৰ্থনা কৰে, তাৰ ওপৰত তেখেতৰ শ্বাফাআত ওৱাজিব হৈ যায়।
  7. এইটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এক প্ৰকাৰ বিনয় যে, তেখেতে তেখেতৰ উম্মতিসকলক তেখেতৰ বাবে সেই সুউচ্চ স্থান বিচাৰি দুআ কৰিবলৈ নিৰ্দেশ দিছে। যদিও সেইখন তেখেতৰ বাবেই নিৰ্দিষ্ট কৰি ৰখা হৈছে।
  8. আল্লাহৰ ফজল আৰু ৰহমত অপৰিসীম। সেয়ে প্ৰত্যেক নেকীৰ বিনিময় দহগুণ বৃদ্ধিকৈ প্ৰদান কৰে।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই জাৰ্মান পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف আজেৰি উজবেক ইউক্ৰেইনীয়ান الجورجية المقدونية الخميرية البامبارية البنجابية الماراثية
অনুবাদ চাওক
অধিক