عَنْ مُعَاوِيَةَ رَضيَ اللهُ عنهُ قَالَ: سَمِعْتُ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«الْمُؤَذِّنُونَ أَطْوَلُ النَّاسِ أَعْنَاقًا يَوْمَ الْقِيَامَةِ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 387]
المزيــد ...

মুআৱিয়া ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ
'কিয়ামতৰ দিনা মুআজ্জিনসকলৰ ডিঙি সকলো লোকতকৈ দীঘল হ'ব।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 387]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, কিয়ামতৰ দিনা মুআজ্জিনসকলৰ অৰ্থাৎ যিসকলে নামাজৰ বাবে আজান দিয়ে তেওঁলোকৰ ডিঙি সৰ্বোচ্চ দীঘল হ'ব, কাৰণ তেওঁলোকে মৰ্যাদাপূৰ্ণ আমলৰ সৈতে জৰিত আছিল, লগতে অত্যাধিক কল্যাণ আৰু মহা প্ৰতিদানস্বৰূপে তেওঁলোকক এই মৰ্যাদা প্ৰদান কৰা হ'ব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. হাদীছটোত আজানৰ ফজীলত বৰ্ণিত হৈছে আৰু ইয়াৰ প্ৰতি উৎসাহিত কৰা হৈছে।
  2. মুআজ্জিনসকলৰ মৰ্যাদা বৰ্ণিত হৈছে। কিয়ামতৰ দিনা তেওঁলোকৰ মৰ্যাদা সুউচ্চ হ'ব।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (35)
অধিক