عن جرير بن عبد الله البجلي رضي الله عنه قال: كنا عندَ النبيِّ صلى الله عليه وسلم فنظرَ إلى القمرِ ليلةَ البدرِ، فقالَ: «إنَّكم سترون ربَّكُمْ كما تروْن هذا القمر، لاَ تُضَامُونَ في رُؤْيَته، فَإن استطعتم أنْ لاَ تُغْلَبُوا على صلاة قبل طُلُوعِ الشَّمْسِ وَقَبْلَ غُرُوبِهَا، فَافْعَلُوا». وفي رواية: «فنظر إلى القمر ليلة أربع عشرة».
[صحيح] - [متفق عليه]
المزيــد ...

জাৰীৰ ইবনু আব্দুল্লাহ আল-বাজালী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত আছিলোঁ, তেখেতে পূৰ্ণিমাৰ ৰাতি চন্দ্ৰৰ প্ৰতি লক্ষ্য কৰি ক’লে, "c2">“নিশ্চয় শীঘ্ৰেই তোমালোকে তোমালোকৰ প্ৰতিপালকক দেখিবলৈ পাবা, যিদৰে তোমালোকে এই চন্দ্ৰটোক দেখি আছা, তেওঁক দেখিবলৈ তোমালোকৰ কোনো ভীৰ কৰিবলগীয়া নহ’ব। এতেকে যদি তোমালোকে সূৰ্য উদয়ৰ পূৰ্বৰ চালাত (ফজৰ) আৰু সূৰ্য অস্ত যোৱাৰ পূর্বৰ (আচৰৰ) চালাত (চয়তানৰ) প্ৰভাৱমুক্ত হৈ পঢ়িব পাৰা তেন্তে সেইটোৱে চেষ্টা কৰা”। আন এটা বর্ণনাত আছে, "c2">“চৌধ্য তাৰিখৰ ৰাতিৰ জোনৰ ফালে চাই ক’লে”।
ছহীহ - মুত্তাফাক্ব আলাইহ

ব্যাখ্যা

জাৰীৰ ইবনু আব্দুল্লাহ আল-বাজালী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, এদিনাখন তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে উপস্থিত আছিল, তেতিয়া তেখেতে পূর্ণিমাৰ ৰাতিৰ -চৌধ্য তাৰিখৰ ৰাতিৰ— জোনৰ প্ৰতি চাই ক’লে, "c2">“তোমালোকে যেনেকৈ কোনো প্রকাৰ বাধা নোহোৱাকৈ এই জোনটোক দেখি আছা ঠিক সেইদৰে তোমালোকে তোমালোকৰ প্ৰতিপালকক দেখিবলৈ পাবা।” অর্থাৎ কিয়ামাতৰ দিনা আৰু জান্নাতত মুমিনসকলে তেখেতক দেখিবলৈ পাব যিদৰে পূর্ণিমাৰ ৰাতিত চন্দ্ৰক দেখিবলৈ পায়। কিন্তু ইয়াৰ অর্থ এইটো কেতিয়াও নহয় যে, আল্লাহ চন্দ্ৰৰ দৰে। কাৰণ আল্লাহৰ কোনো সমতুল্য নাই। বৰং তেওঁ মহান আৰু মহিমান্বিত। এই হাদীছৰ অর্থ হৈছে দেখাক দেখাৰ সৈতে তুলনা কৰা। যিটোক দেখুৱা হৈছে সেইটোক যাক দেখিবলৈ পোৱা যাব তেওঁৰ সৈতে তুলনা কৰা হোৱা নাই। এতেকে যিদৰে আমি পূর্ণিমাৰ ৰাতিত নিজ চকুৰে বাস্তৱত চন্দ্ৰক দেখিবলৈ পাওঁ, ইয়াত যেনেকৈ কোনো সন্দেহ নাই, ঠিক তেনেকৈ আমি আমাৰ প্ৰতিপালকক নিজ চকুৰে দেখিবলৈ পাম, ইয়াৰ মাজতো কোনো সন্দেহ নাই। জান্নাতীসকলৰ বাবে আটাইতকৈ মজাৰ আৰু উত্তম নিয়ামত হৈছে আল্লাহৰ দীদাৰ। একোৱেই ইয়াৰ সমান হ’ব নোৱাৰে। আমি আমাৰ প্ৰতিপালকক পূর্ণিমাৰ জোনৰ নিচিনাকৈ দেখিবলৈ পাম এই কথা কোৱাৰ পাছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যদি তোমালোকে সূৰ্য উদয়ৰ পূৰ্বৰ চালাত (ফজৰ) আৰু সূৰ্য অস্ত যোৱাৰ পূর্বৰ (আচৰৰ) চালাত (চয়তানৰ) প্ৰভাৱমুক্ত হৈ পঢ়িব পাৰা তেন্তে সেইটোৱে চেষ্টা কৰা। ইয়াৰ অর্থ হৈছে, তোমালোকে নিয়মিতভাৱে আৰু পৰিপূৰ্ণভাৱে এই চালাত দুটা আদায় কৰা, যেনে জামাতৰ সৈতে আদায় কৰা। অর্থাৎ তোমালোকে যৎপৰাণাস্তি চেষ্টা কৰা যাতে এই চালাত দুটা তোমালোকৰ পৰা এৰি নাযায়, যথা সময়ত আদায় কৰা। ইয়াৰ দ্বাৰা এইটোও প্রমাণিত হয় যে, ফজৰ আৰু আচৰৰ চালাত হিফাজত কৰাটো বিশেষভাৱে জৰুৰী আৰু এইটো হৈছে আল্লাহৰ সাক্ষাৎ লাভৰ অন্যতম এটা উপায়।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বৈঠকত বহিবলৈ চাহাবাসকল খুবেই আগ্ৰহী আছিল।
  2. ঈমান্দাৰসকলৰ বাবে সুসংবাদ যে, তেওঁলোকে কিয়ামতৰ দিনা আল্লাহক দেখিবলৈ পাব।
  3. বাস্তৱ সাক্ষাৎ প্ৰমাণিত। কিয়নো এই সংবাদ আল্লাহ আৰু তেওঁৰ ৰাছুলে দিছে। অপব্যাখ্যাকাৰী আৰু আল্লাহৰ চিফাতক অস্বীকাৰকাৰী ব্যক্তিসকলৰ মন্তব্য ইয়াৰ পৰীপন্থী।
  4. ফজৰ আৰু আচৰ চালাতৰ ফজিলত। এতেকে এই চালাত দুটাৰ প্ৰতি বিশেষভাৱে যত্ন লোৱা উচিত।
  5. এই দুটা সময়ক নিৰ্দিষ্ট কৰাৰ এটা কাৰণ হৈছে এই যে, এই সময়ত ফিৰিস্তাসকল একত্রিত হয় আৰু এই সময়ছোৱাত মানুহৰ আমল ওপৰলৈ উঠাই লোৱা হয়। সেয়ে এই মহান ফজিলত যাতে তেওঁলোকৰ পৰা এৰি নাযায় (সেইকাৰণে তেওঁলোকক ইয়াৰ প্ৰতি যত্নৱান হ’বলৈ কোৱা হৈছে)।
  6. দাৱাতৰ এটা অন্যতম উপকৰণ হৈছে গুৰুত্বাৰোপ কৰা আৰু উৎসাহ প্রদান কৰা।
অধিক