عَنْ أَبِي هُرَيْرَةَ رضي الله عنه عَنْ رَسُولِ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«لَمَّا خَلَقَ اللَّهُ الْجَنَّةَ وَالنَّارَ أَرْسَلَ جِبْرِيلَ عَلَيْهِ السَّلَامُ إِلَى الْجَنَّةِ، فَقَالَ: انْظُرْ إِلَيْهَا وَإِلَى مَا أَعْدَدْتُ لِأَهْلِهَا فِيهَا. فَنَظَرَ إِلَيْهَا فَرَجَعَ، فَقَالَ: وَعِزَّتِكَ لَا يَسْمَعُ بِهَا أَحَدٌ إِلَّا دَخَلَهَا. فَأَمَرَ بِهَا فَحُفَّتْ بِالْمَكَارِهِ، فَقَالَ: اذْهَبْ إِلَيْهَا فَانْظُرْ إِلَيْهَا وَإِلَى مَا أَعْدَدْتُ لِأَهْلِهَا فِيهَا. فَنَظَرَ إِلَيْهَا، فَإِذَا هِيَ قَدْ حُفَّتْ بِالْمَكَارِهِ، فَقَالَ: وَعِزَّتِكَ لَقَدْ خَشِيتُ أَنْ لَا يَدْخُلَهَا أَحَدٌ. قَالَ: اذْهَبْ فَانْظُرْ إِلَى النَّارِ وَإِلَى مَا أَعْدَدْتُ لِأَهْلِهَا فِيهَا. فَنَظَرَ إِلَيْهَا فَإِذَا هِيَ يَرْكَبُ بَعْضُهَا بَعْضًا، فَرَجَعَ فَقَالَ: وَعِزَّتِكَ لَا يَدْخُلُهَا أَحَدٌ. فَأَمَرَ بِهَا فَحُفَّتْ بِالشَّهَوَاتِ، فَقَالَ: ارْجِعْ فَانْظُرْ إِلَيْهَا. فَنَظَرَ إِلَيْهَا فَإِذَا هِيَ قَدْ حُفَّتْ بِالشَّهَوَاتِ، فَرَجَعَ وَقَالَ: وَعِزَّتِكَ لَقَدْ خَشِيتُ أَنْ لَا يَنْجُوَ مِنْهَا أَحَدٌ إِلَّا دَخَلَهَا».

[حسن] - [رواه أبو داود والترمذي والنسائي]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
আল্লাহে যেতিয়া জান্নাত আৰু জাহান্নাম সৃষ্টি কৰিলে তেতিয়া তেওঁ জিব্ৰীল আলাইহিচ্ছালামক প্ৰেৰণ কৰি ক'লেঃ তুমি গৈ চাই আহাচোন, মই জান্নাতৰ অধিবাসীসকলৰ বাবে কি কি প্ৰস্তুত কৰিছোঁ। তেওঁ গৈ চাই আহিলে আৰু আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! যিয়েই ইয়াৰ বিষয়ে শুনিব সিয়েই ইয়াত প্ৰৱেশ কৰাৰ চেষ্টা কৰিব। ইয়াৰ পিছত আল্লাহে আদেশ কৰিলে, ফলত জান্নাতক দুখ-কষ্টমূলক বস্তুৰে পৰিবেষ্টন কৰা হ'ল। ইয়াৰ পিছত আল্লাহে আকৌ জিব্ৰীলক নিৰ্দেশ দিলে যে, তুমি আকৌ যোৱা, আৰু চাই আহাগৈ যে, জান্নাতীসকলৰ বাবে মই কি কি প্ৰস্তুত কৰিছোঁ। তেতিয়া তেওঁ গৈ দেখিলে যে, জান্নাতক দুখ-কষ্ট বিপদ-আপদ আদিৰে পৰিবেষ্টন কৰা হৈছে। তেওঁ আল্লাহৰ ওচৰলৈ ঘূৰি আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! মোৰ ভয় হয়, এতিয়া ইয়াত কোনেও প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াৰ পিছত আল্লাহে তেওঁক ক'লেঃ তুমি এতিয়া জাহান্নাম চাই আহাগৈ, তাত মই জাহান্নামীসকলৰ বাবে কি কি প্ৰস্তুত কৰিছোঁ এবাৰ চাই আহাচোন। তেওঁ তাতগৈ দেখা পালে যে, জাহান্নামৰ এটা অংশই যেনিবা আনটো অংশক গ্ৰাস কৰি আছে। এই দেখি তেওঁ ঘূৰি আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! ইয়াত দেখোন কোনেও প্ৰৱেশ নকৰিব। ইয়াৰ পিছত আল্লাহৰ নিৰ্দেশত জাহান্নামক লোভ-লালসা আৰু প্ৰবৃত্তিৰ চাহিদা আদিৰ দ্বাৰা পৰিবেষ্টন কৰি দিয়া হ'ল। ইয়াৰ পিছত আল্লাহে তেওঁক ক'লেঃ এতিয়া আকৌ গৈ চাই আহাচোন। তেওঁ তালৈ আকৌ গ'ল আৰু চাই আহি ক'লেঃ আপোনাৰ সন্মানৰ শপত! মোৰ ধাৰণা মতে এতিয়া দেখোন কোনেও ইয়াৰ পৰা ৰক্ষা নাপাব। সকলোৱে দেখোন প্ৰৱেশ কৰিব।

হাছান - ইয়াক আবু দাউদে বৰ্ণনা কৰিছে

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা জনাইছে যে, আল্লাহে যেতিয়া জান্নাত আৰু জাহান্নাম সৃষ্টি কৰিছে, তেতিয়া তেওঁ জিব্ৰীল আলাইহিচ্ছালামক মাতি কৈছিলঃ তুমি জান্নাতলৈ গৈ চাই আহাচোন, এই কথা শুনি তেওঁ আদেশ পালন কৰি তালৈ গ'ল আৰু চাইচিতি উভতি আহিল। তাৰ পৰা আহি জিব্ৰীলে ক'লেঃ হে মোৰ প্ৰতিপালক! আপোনাৰ সন্মানৰ শপত! ইয়াৰ মাজত থকা নিয়ামত তথা সা-সুবিধা আৰু কল্যাণ সম্পৰ্কে যিয়েই শুনিব, সিয়েই ইয়াত প্ৰৱেশ কৰিবলৈ যত্ন কৰিব আৰু ইয়াৰ বাবে যথাসাধ্য আমল কৰিব। ইয়াৰ পিছত আল্লাহে জান্নাতক বিভিন্ন ধৰণৰ বিপদ-আপদ আৰু কঠিন পৰিস্থিতি আদিৰ দ্বাৰা লগতে তেওঁৰ নিৰ্দেশ পালন আৰু নিষেধকৃত বস্তু আদিৰ পৰা বিৰত থকা কামেৰে পৰিবেষ্টন কৰি দিলে। এতেকে যিয়েই তাত প্ৰৱেশ কৰিব বিচাৰিব, তেওঁ এইবোৰ পৰীক্ষা অতিক্ৰম কৰিহে প্ৰৱেশ কৰিব লাগিব। ইয়াৰ পিছত আল্লাহে বিপদ-আপদ, দুখ-কষ্ট আদিৰে জান্নাতক পৰিবেষ্টন কৰাৰ পিছত জিব্ৰীলক ক'লেঃ হে জিব্ৰীল! তুমি এতিয়াগৈ চাই আহাচোন। তাৰ পিছত তেওঁ পুনৰ গৈ চাই আহি ক'লেঃ হে মোৰ প্ৰতিপালক! আপোনাৰ সন্মানৰ শপত খাই কৈছোঁ, জান্নাতৰ পথত যি বিপদ-আপদ আৰু দুখ-কষ্ট তথা ইয়াৰ যি দুৰ্গম পথ দেখা পালোঁ, মোৰ আশংকা হৈছে ইয়াত দেখোন কোনেও প্ৰৱেশ কৰিব নোৱাৰিব। এইদৰে যেতিয়া আল্লাহে জাহান্নাম সৃষ্টি কৰিছে, তেতিয়া তেওঁ জিব্ৰীলক মাতি কৈছিলঃ হে জিব্ৰীল! তুমি গৈ চাই আহাচোন, ফলত তেওঁ গ'ল আৰু ভালকৈ দেখিলে। ইয়াৰ পিছত তেওঁ আহি ক'লেঃ হে মোৰ প্ৰতিপালক! আপোনাৰ সন্মানৰ শপত! ইয়াৰ মাজত থকা শাস্তি কষ্ট আৰু দুৰাৱস্থা সম্পৰ্কে যদি কোনোবাই শুনে তেন্তে সি কেতিয়াও তাত প্ৰৱেশ কৰিব নিবিচাৰিব, লগতে কেনেকৈ ইয়াৰ পৰা আঁতৰি থাকিব পাৰি সি সেইটো অৱলম্বন কৰিব। ইয়াৰ পিছত আল্লাহে জাহান্নামক পৰিবেষ্টন কৰিলে, লগতে লোভ-লালসা আৰু প্ৰবৃত্তিৰ চাহিদা আদিৰে এই পথক আকৰ্ষণীয় কৰি তুলিলে, তাৰ পিছত জিব্ৰীলক ক'লেঃ হে জিব্ৰীল! তুমি পুনৰ গৈ চাই আহাচোন। ইয়াৰ পিছত জিব্ৰীল পুনৰ চাবলৈ গ'ল আৰু চাইচিতি আহি ক'লেঃ হে মোৰ প্ৰতিপালক! আপোনাৰ সন্মানৰ শপত! মোৰ ভয় হয় তথা মই আশংকা কৰোঁ যে, এতিয়া কোনেও ইয়াৰ পৰা ৰক্ষা নাপাব, যিদৰে ইয়াৰ চাৰিওফালে প্ৰবৃত্তিৰ চাহিদা আৰু লোভ-লালসা তথা আকৰ্ষণীয় বস্তুৰে পৰিবেষ্টন কৰা হৈছে।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এই বিষয়ে ঈমান পোষণ কৰিব লাগিব যে, জান্নাত আৰু জাহান্নাম এতিয়াও বিদ্যমান আছে।
  2. আল্লাহ আৰু তেওঁৰ ৰাছুলে গায়েব সম্পৰ্কীয় দিয়া প্ৰতিটো বিষয়তে ঈমান পোষণ কৰা ওৱাজিব।
  3. দুখ-কষ্ট আৰু বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰাৰ গুৰুত্ব, কাৰণ এইটো হৈছে জান্নাতৰ পথ।
  4. হাৰাম বস্তুৰ পৰা আঁতৰি থকাৰ গুৰুত্ব। কাৰণ এইটো হৈছে জাহান্নামৰ পথ।
  5. জান্নাতক দুখ-কষ্টৰে আৰু জাহান্নামক প্ৰবৃত্তিৰ চাহিদা আদিৰে পৰিবেষ্টন কৰিছে। পাৰ্থিৱ জীৱনত ইয়াৰ দ্বাৰা পৰীক্ষা কৰা হয়।
  6. জান্নাতৰ পথ বৰ কঠিন আৰু দুৰ্গম। ইয়াৰ বাবে ঈমানৰ সৈতে ধৈৰ্য্য আৰু কষ্টৰ প্ৰয়োজন। আনহাতে জাহান্নামৰ পথ লোভ-লালসা আৰু আকৰ্ষণীয় বিষয়ৰ দ্বাৰা পৰিপূৰ্ণ কৰি ৰখা হৈছে।
অধিক