1. মুখ্য পৃষ্ঠা
  2. শ্ৰেণীবিন্যাসসমূহ
  3. আল-কোৰআনুল কাৰীম আৰু কোৰআন সম্পৰ্কীয় বিবিধ জ্ঞান

হাদীছ কোৰআনৰ হাফিজৰ উদাহৰণ হৈছে ৰছীৰে বান্ধি থোৱা উটৰ মালিকৰ দৰে। যদি তেওঁ ভালকৈ ইয়াৰ চোৱাচিতা কৰে, তেন্তে তেওঁ ইয়াক সুৰক্ষিত ৰাখিবলৈ সক্ষম হ'ব। আনহাতে যদি ইয়াক এৰি দিয়ে তেন্তে পলাই গুচি যাব।

عَنِ ابْنِ عُمَرَ رَضِيَ اللَّهُ عَنْهُمَا أَنَّ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«إِنَّمَا مَثَلُ صَاحِبِ القُرْآنِ كَمَثَلِ صَاحِبِ الإِبِلِ المُعَقَّلَةِ، إِنْ عَاهَدَ عَلَيْهَا أَمْسَكَهَا، وَإِنْ أَطْلَقَهَا ذَهَبَتْ».

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"কোৰআনৰ হাফিজৰ উদাহৰণ হৈছে ৰছীৰে বান্ধি থোৱা উটৰ মালিকৰ দৰে। যদি তেওঁ ভালকৈ ইয়াৰ চোৱাচিতা কৰে, তেন্তে তেওঁ ইয়াক সুৰক্ষিত ৰাখিবলৈ সক্ষম হ'ব। আনহাতে যদি ইয়াক এৰি দিয়ে তেন্তে পলাই গুচি যাব।"

ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম}) ছহীহ বুখাৰী - 5031

ব্যাখ্যা

যিয়ে নিয়মিত কোৰআন তিলাৱত কৰে, চাই চাই হওক বা মুখস্থ, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিৰ উদাহৰণ দিছে উটৰ গৰাকীৰ সৈতে, যিয়ে উটক ৰছীৰে মজবুতকৈ বান্ধি ৰাখে। তেওঁ যেতিয়ালৈকে উটক লেকাম লগাই বান্ধি ৰাখিব, তেতিয়ালৈকে উট তেওঁৰ আয়ত্তত থাকিব। আনহাতে যেতিয়াই লেকামহীন হৈ পৰিব তেতিয়া সেই উট পলায়ন কৰিব তথা গুচি যাব। ঠিক সেইদৰে কোৰআনৰ হাফিজে যেতিয়ালৈকে কোৰআন নিয়মিতভাৱে তিলাৱত কৰিব তেতিয়ালৈকে মনত থাকিব। নিয়মিত তিলাৱত নকৰিলেই পাহৰি যাব। সেয়ে কোৰআনৰ সৈতে সম্পৰ্ক যিমান সুদৃঢ় হ'ব, তাৰ মুখস্থ সিমানেই থাকিব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. কোৰআনৰ সৈতে সুসম্পৰ্ক ৰাখিবলৈ আৰু নিয়মিত তিলাৱত কৰিবলৈ উৎসাহিত কৰা হৈছে। কোৰআনক উপেক্ষা কৰি পাহৰি যোৱাৰ পৰা সতৰ্ক কৰা হৈছে।
  2. নিয়মিত কোৰআন তিলাৱত কৰিলে, জিভা পাতল হয়, তিলাৱত কৰা সহজ হয়। কিন্তু তিলাৱত পৰিত্যাগ কৰিলে জিভা গধুৰ হয় আৰু তিলাৱত কৰা কঠিন হৈ পৰে।
  3. ক্বাজীয়ে কৈছেঃ (صاحب القرآن কোৰআনৰ সংগী)ৰ দ্বাৰা সেই ব্যক্তিক বুজোৱা হৈছে, যিয়ে কোৰআনৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিছে। সংগী কোৱা হয় সেই ব্যক্তিক যাৰ সৈতে দৃঢ় সম্পৰ্ক থাকে, যেনেঃ অমুক ব্যক্তি হৈছে অমুকৰ সংগী। এইদৰে জান্নাতৰ অধিবাসী আৰু জাহান্নামৰ অধিবাসী।
  4. দাৱাতৰ অন্যতম এটা উপকৰণ হৈছে, উপমা উদাহৰণৰ দ্বাৰা বুজাই দিয়া।
  5. ইবনু হাজাৰে কৈছেঃ বিশেষকৈ উটৰ কথা উল্লেখ কৰাৰ কাৰণ হৈছে, ঘৰচীয়া জন্তুবোৰৰ মাজত উট হৈছে এনেকুৱা এটা প্ৰাণী যিয়ে অধিক আতংকিত হয়। উট কেতিয়াবা আতংকিত হৈ পলায়ন কৰিলে ইয়াক ধৰাটো বৰ কঠিন হৈ পৰে।

অনুবাদ চাওক

40 ভাষা
EN English الإنجليزية
UR اردو الأوردية
ES Español الإسبانية
ID Indonesia الإندونيسية
UG ئۇيغۇرچە الأيغورية
BN বাংলা البنغالية
TR Türkçe التركية
RU Русский الروسية
BS Bosanski البوسنية
SI සිංහල السنهالية
HI हिन्दी الهندية
ZH 中文 الصينية
FA فارسی الفارسية
VI Tiếng Việt الفيتنامية
TL Tagalog تجالوج
KU Kurdî الكردية
HA Hausa الهوسا
PT Português البرتغالية
ML മലയാളം المليالم
TE తెలుగు التلغو
SW Kiswahili السواحيلية
MY မြန်မာ البورمية
TH ไทย التايلندية
PS پښتو بشتو
SQ Shqip الألبانية
AM አማርኛ الأمهرية
NL Nederlands الهولندية
GU ગુજરાતી الغوجاراتية
PRS دری الدرية
SR Српски الصربية
RO Română الرومانية
HU Magyar المجرية
MOS Moore الموري
KN ಕನ್ನಡ الكانادا
UK Українська الأوكرانية
KA ქართული الجورجية
MK Македонски المقدونية
KM ភាសាខ្មែរ الخميرية
PA ਪੰਜਾਬੀ البنجابية
MR मराठी الماراثية