عَنْ عَبْدِ اللهِ بنِ مَسْعُودٍ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«أَوَّلُ مَا يُقْضَى بَيْنَ النَّاسِ يَوْمَ الْقِيَامَةِ فِي الدِّمَاءِ».

[صحيح] - [متفق عليه] - [صحيح مسلم: 1678]
المزيــد ...

আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"কিয়ামতৰ দিনা সৰ্বপ্ৰথম মানুহৰ মাজত সিহঁতৰ ৰক্তপাত সম্পৰ্কে বিচাৰ ফয়চালা কৰা হ'ব।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 1678]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, মানুহৰ মাজত হোৱা অন্যায়-অত্যাচাৰৰ মীমাংসাৰ ক্ষেত্ৰত কিয়ামতৰ দিনা সৰ্বপ্ৰথম ৰক্তপাত সম্পৰ্কীয় বিচাৰ হ'ব। যেনে- হত্যা আৰু আঘাত সম্পৰ্কীয় বিচাৰ আদি।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. ইয়াৰ দ্বাৰা ৰক্তপাত সম্পৰ্কীয় বিষয়টোক অধিক গুৰুত্ব বুজোৱা হৈছে। কাৰণ যিটো বেছি গুৰুত্বপূৰ্ণ সেইটোৰ দ্বাৰা আৰম্ভ কৰাটোৱে হৈছে নীতি।
  2. ক্ষতিৰ দিশ বিবেচনা কৰি গুনাহৰ পৰিমাণ বৃদ্ধি হয়। আনহাতে নিৰীহ প্ৰাণ হত্যা কৰাটো হৈছে অন্যতম ডাঙৰ ক্ষতি। সেয়ে এইটো হৈছে মহাপাপ। আটাইতকৈ ডাঙৰ মহাপাপ হৈছে আল্লাহৰ সৈতে কুফৰী কৰা আৰু শ্বিৰ্ক কৰা।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (56)
অধিক