عَنْ أَبِي مُوسَى الأَشْعَرِيِّ رضي الله عنه قَالَ:
أَتَيْتُ رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي رَهْطٍ مِنَ الأَشْعَرِيِّينَ أَسْتَحْمِلُهُ، فَقَالَ: «وَاللَّهِ لاَ أَحْمِلُكُمْ، مَا عِنْدِي مَا أَحْمِلُكُمْ» ثُمَّ لَبِثْنَا مَا شَاءَ اللَّهُ فَأُتِيَ بِإِبِلٍ، فَأَمَرَ لَنَا بِثَلاَثَةِ ذَوْدٍ، فَلَمَّا انْطَلَقْنَا قَالَ بَعْضُنَا لِبَعْضٍ: لاَ يُبَارِكُ اللَّهُ لَنَا، أَتَيْنَا رَسُولَ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ نَسْتَحْمِلُهُ فَحَلَفَ أَنْ لاَ يَحْمِلَنَا فَحَمَلَنَا، فَقَالَ أَبُو مُوسَى: فَأَتَيْنَا النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَذَكَرْنَا ذَلِكَ لَهُ، فَقَالَ: «مَا أَنَا حَمَلْتُكُمْ، بَلِ اللَّهُ حَمَلَكُمْ، إِنِّي وَاللَّهِ -إِنْ شَاءَ اللَّهُ- لا أَحْلِفُ عَلَى يَمِينٍ، فَأَرَى غَيْرَهَا خَيْرًا مِنْهَا، إِلَّا كَفَّرْتُ عَنْ يَمِينِي، وَأَتَيْتُ الَّذِي هُوَ خَيْرٌ».
[صحيح] - [متفق عليه] - [صحيح البخاري: 6718]
المزيــد ...
আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, তেওঁ কৈছেঃ
মই এবাৰ কিছুমান আশ্বআৰী লোকৰ সৈতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটা বাহন বিচাৰি আহিলোঁ। তেখেতে ক'লেঃ "আল্লাহৰ শপত! মই তোমালোকক বাহন দিব নোৱাৰিম। কাৰণ, তোমালোকক বাহন হিচাপে দিবলৈ মোৰ ওচৰত একো নাই।" ইয়াৰ পিছত আল্লাহৰ ইচ্ছা অনুসৰি আমি কিছু সময় তাত অপেক্ষা কৰিলোঁ। ঠিক সেই সময়তে তেখেতৰ ওচৰলৈ কেইটামান উট অনা হ'ল। তেতিয়া তেখেতে আমাক তিনিটা উট দিবলৈ নিৰ্দেশ দিলে। আমি যেতিয়া উভতি আহিলোঁ তেতিয়া আমাৰ মাজৰ কিছুমানে পৰস্পৰে আলোচনা কৰি আছিল যে, আল্লাহে হয়তো আমাক বৰকত দান নকৰিব। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক বাহন দিব নোৱাৰিব বুলি শপত খাইছিল। ইয়াৰ পিছতো তেখেতে আমাক বাহন দিলে। আবূ মূছাই কৈছেঃ আমি আকৌ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ ঘূৰি আহিলোঁ আৰু এই বিষয়টো উল্লেখ কৰিলোঁ। তেতিয়া তেখেতে ক'লেঃ "মই তোমালোকক বাহন দিয়া নাই; বৰং আল্লাহে তোমালোকৰ বাবে বাহনৰ ব্যৱস্থা কৰিছে। আল্লাহৰ শপত! -ইন শ্বা আল্লাহ- মই যেতিয়া কোনো বিষয়ত শপত খাওঁ, কিন্তু যদি ইয়াৰ বিপৰীত বিষয়টোত মঙ্গল দেখা পাওঁ, তেতিয়া মই শপতৰ কাফফাৰা আদায় কৰি দিওঁ, লগতে যিটো কল্যাণকৰ সেইটোৱে বাস্তৱায়িত কৰোঁ।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 6718]
হাদীছটোত আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, তেওঁ নিজৰ গোত্ৰৰ কিছুমান লোকৰ সৈতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল। তেওঁলোক এইটো উদ্দেশ্য লৈ আহিছিল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যাতে বাহন হিচাপে ব্যৱহাৰ কৰিবলৈ তেওঁলোকক উট প্ৰদান কৰে। যাতে তেওঁলোকে সহজে জিহাদত অংশ ল'ব পাৰে। এই প্ৰস্তাৱ শুনি তেখেতে শপত খাই ক'লে যে, মই তোমালোকক বাহন দিব নোৱাৰোঁ। কাৰণ বাহন হিচাপে দিবলৈ তেখেতৰ ওচৰত একো নাছিল। তেতিয়া তাত কিছু সময় অপেক্ষা কৰিলে, ঠিক সেই সময়তে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ তিনিটা উট অনা হ'ল, তেখেতে সেইবোৰ তেওঁলোকলৈ পঠিয়ালে। উট কেইটা পাই তেওঁলোকে ইজনে সিজনক ক'লেঃ এইবোৰ উটত কিজানি আল্লাহে আমাক বৰকত নিদিব। কাৰণ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দেখোন আমাক বাহন নিদিয়াৰ শপত খাইছিল। তেতিয়া তেওঁলোকে তেখেতৰ ওচৰলৈ আহি বিষয়টো সুধিলে। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকক বাহন প্ৰদান কৰিছে মহান আল্লাহে। কাৰণ তেৱেঁই তাওফীক প্ৰদানকাৰী আৰু জীৱিকাদাতা। কেৱল মোৰ হাতেৰেহে দিয়া গৈছে। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহৰ শপত! ইন শ্বা আল্লাহ মই যেতিয়া কিবা কৰিবলৈ বা কিবা পৰিত্যাগ কৰিবলৈ শপত খাওঁ, তেতিয়া যদি বিপৰীত বিষয়টোত কল্যাণ দেখা পাওঁ তেন্তে মই সেই উত্তমটোহে কৰোঁ আৰু শপতৰ কাফ্ফাৰা আদায় কৰি দিওঁ।