عن أبي هريرة رضي الله عنه قال: «لَعَن رسول الله صلى الله عليه وسلم الرَّاشِي والمُرْتَشِي في الحُكْم».
[صحيح] - [رواه الترمذي وأحمد]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহ ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, "c2">“ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বিচাৰ প্ৰক্ৰিয়াত উৎকোচ প্ৰদানকাৰী আৰু উৎকোচ গ্ৰহণকাৰী উভয়কে অভিশাপ কৰিছে”
ছহীহ - তিৰমিজীয়ে বৰ্ণনা কৰিছে

ব্যাখ্যা

যিহেতু উৎকোচৰ বাস্তৱতা হৈছে কোনো বেয়া উদ্দেশ্যে উপকৃত হ’বলৈ সম্পদ ব্যয় কৰা, সেয়ে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা ব্যক্তিক যিয়ে উৎকোচ দিয়ে আৰু যিয়ে লয় উভয়ৰ বাবে আল্লাহৰ ৰহমতৰ পৰা বিতাড়িত হোৱাৰ তথা আঁতৰি যোৱাৰ বাবে বদ দুআ কৰিছে। কাৰণ ইয়াৰ মাজত আছে ব্যক্তি আৰু সমাজৰ বাবে অসংখ্য ডাঙৰ ডাঙৰ ক্ষতি। উৎকোচ সর্বাৱস্থাতেই হাৰাম। হাদীছটোত বিচাৰ-মীমাংসাৰ কথা উল্লেখ কৰাৰ কাৰণ হৈছে, বিচাৰৰ ক্ষেত্রত উৎকোচ অধিক মাৰাত্মক। কাৰণ ইয়াৰ মাজত নিহিত আছে চৰীয়তৰ বিধান পৰিৱর্তন। উদাহৰণস্বৰূপে সি বিচাৰকক উৎকোচ দিয়াৰ অৰ্থ হৈছে ইয়াৰ দ্বাৰা হুকুম পৰিৱর্তনত যাতে প্রভাৱ বিস্তাৰ কৰে অথবা বিচাৰ লাঘৱ হোৱাত সহায় হয় আৰু উৎকোচ প্ৰদানকাৰীয়ে যাতে উপকৃত হয়।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. উৎকোচ দিয়া, লোৱা, মধ্যস্থতা কৰা আৰু এই ক্ষেত্ৰত সহায় কৰা হাৰাম। কাৰণ ইয়াৰ মাজত আছে বাতিলক সহায় কৰা।
  2. উৎকোচ হৈছে কবীৰা গুনাহ। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উৎকোচ প্রদানকাৰী আৰু গ্রহণকাৰীৰ ওপৰত অভিশাপ কৰিছে। অভিশাপ কেৱল কবীৰাহ গুনাহৰ বাবেই কৰা হয়। উৎকোচ লোৱা হাৰাম, এই ক্ষেত্ৰত আলিমসকলৰ ইজমা আছে।
  3. বিচাৰ মীমাংসাৰ ক্ষেত্রত উৎকোচ হৈছে মাৰাত্মক অপৰাধ তথা কঠিন গুনাহ। কাৰণ ইয়াৰ দ্বাৰা মানুহৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰা হয়, আল্লাহৰ হুকুম পৰিৱর্তন কৰা হয়, আল্লাহে যি বিধান অৱতীৰ্ণ কৰা নাই, সেই অনুযায়ী বিচাৰ কৰা হয়। যিয়ে উৎকোচ লয় সি দৰাচলতে নিজেই নিজৰ ওপৰত অন্যায় কৰে আৰু যাৰ বাবে গ্রহণ কৰে তাৰ ওপৰতো অন্যায় কৰে আৰু যাৰ বিপক্ষে গ্রহণ কৰে তাৰ ওপৰতো অন্যায় কৰে।
অধিক