عن أبي هريرة رضي الله عنه قال:
لَعَنَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ الرَّاشِيَ وَالْمُرْتَشِيَ فِي الْحُكْمِ.

[صحيح] - [رواه الترمذي وأحمد] - [سنن الترمذي: 1336]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেখেতে কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উৎকোচ প্ৰদানকাৰী আৰু উৎকোচ গ্ৰহণকাৰী উভয়কে অভিশাপ কৰিছে।

[ছহীহ] - [(তিৰমিজী, আহমদ)] - [ছুনান তিৰমিজী - 1336]

ব্যাখ্যা

উৎকোচ প্ৰদানকাৰী আৰু উৎকোচ গ্ৰহণকাৰী উভয়কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বদ্দুআ কৰিছে, আৰু আল্লাহৰ ৰহমতৰ পৰা আঁতৰি থকাৰ অভিশাপ কৰিছে।
উদাহৰণস্বৰূপে বিচাৰ প্ৰক্ৰিয়াত বিচাৰকক এই উদ্দেশ্যে উৎকোচ প্ৰদান কৰা, যাতে ফয়চালা উৎকোচ প্ৰদানকাৰীৰ পক্ষত হয়।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. উৎকোচ দিয়া, লোৱা, মধ্যস্থতা কৰা আৰু এই ক্ষেত্ৰত সহায় কৰা হাৰাম। কাৰণ ইয়াৰ দ্বাৰা বাতিলক সহায় কৰা হয়।
  2. উৎকোচ হৈছে কাবীৰাহ গুনাহ তথা মহাপাপ। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উৎকোচ প্ৰদানকাৰী আৰু উৎকোচ গ্ৰহণকাৰী উভয়কে অভিশাপ কৰিছে।
  3. বিশেষকৈ বিচাৰ মীমাংসাত উৎকোচ দিয়াটো হৈছে ডাঙৰ অপৰাধ তথা মহাপাপ। কাৰণ ইয়াৰ দ্বাৰা অন্যায় কৰা হয় আৰু আল্লাহে অৱতীৰ্ণ নকৰা বিধান অনুযায়ী ফয়চালা কৰা হয়।
অনুবাদ চাওক
ভাষা: الإنجليزية الأوردية الإسبانية অধিক (61)
অধিক