আবু বাকৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছে, তেখেতে কৈছেঃ সেই সম্প্ৰদায় কেতিয়াও সফল হ'ব নোৱাৰে, যিয়ে নিজৰ শাসনভাৰ এজনী নাৰীৰ হাতত অৰ্পণ কৰে। [ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 4425]
ব্যাখ্যা
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, যেতিয়া কোনো জাতিয়ে নিজৰ শাসনৰ দায়িত্ব কোনো নাৰীৰ হাতত অৰ্পণ কৰে, সেয়া ৰাষ্ট্ৰ প্ৰধান হওক অথবা কোনো প্ৰদেশ অথবা কোনো অঞ্চলৰ প্ৰধান নাইবা কোনো মন্ত্ৰণালয়ৰ মন্ত্ৰী, সেই সম্প্ৰদায় কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ'ব নোৱাৰে।
হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ
নাৰীসকলে শাসনৰ গুৰু দায়িত্ব অথবা ন্যায়ালয়ৰ বিচাৰপতি আদি ব্যাপক ক্ষেত্ৰসমূহৰ প্ৰধান ব্যক্তি হ'ব নোৱাৰে। ইয়াৰ বাহিৰে বিশেষ দায়িত্ব যেনে- অকফ সম্পত্তি চোৱাচিতাৰ দায়িত্ব, অনাথ ফাউণ্ডেচনৰ প্ৰধান, স্কুল কলেজ আদিৰ গুৰু দায়িত্ব পালনত কোনো বাধা নাই।