عَنْ أَنَسٍ رَضيَ اللهُ عنه أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«لَا تَقُومُ السَّاعَةُ حَتَّى يَتَبَاهَى النَّاسُ فِي الْمَسَاجِدِ».
[صحيح] - [رواه أبو داود والنسائي وابن ماجه] - [سنن أبي داود: 449]
المزيــد ...
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মানুহে মছজিদকলৈ অহংকাৰ নকৰালৈকে কিয়ামত সংঘটিত নহ'ব।"
[ছহীহ] - [رواه أبو داود والنسائي وابن ماجه] - [ছুনান আবি দাঊদ - 449]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, কিয়ামত নিকটৱৰ্তী হোৱাৰ আৰু পৃথিৱী শেষ হোৱাৰ অন্যতম এটা নিদৰ্শন হৈছে এই যে, মানুহে নিজৰ মছজিদৰ সৌন্দৰ্য্যক লৈ গৌৰৱ কৰিব তথা অহংকাৰ কৰিব, নাইবা আল্লাহৰ ইবাদতৰ বাবে নিৰ্মাণ কৰা মছজিদত সিহঁতে দুনিয়াবী বিষয়লৈ অহংকাৰ কৰিব।