+ -

عَنْ ‌أَبِي قَتَادَةَ السَّلَمِيِّ رضي الله عنه أَنَّ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«إِذَا دَخَلَ أَحَدُكُمُ الْمَسْجِدَ فَلْيَرْكَعْ رَكْعَتَيْنِ قَبْلَ أَنْ يَجْلِسَ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 444]
المزيــد ...

আবু ক্বাতাদাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
যেতিয়া তোমালোকৰ মাজৰ কোনোবাই মছজিদত প্ৰৱেশ কৰে, তেতিয়া তেওঁ বহাৰ আগতে দুই ৰাকাত নামাজ পঢ়ি লোৱা উচিত।

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 444]

ব্যাখ্যা

আপুনি মছজিদলৈ যি সময়তে আৰু যি উদ্দেশ্যেই নাহক কিয়, বহাৰ আগত দুই ৰাকাত নামাজ পঢ়িবলৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উৎসাহিত কৰিছে। সেই দুই ৰাকাত নামাজকে তাহয়াতুল মাছজিদ বোলে।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মছজিদত বহাৰ আগত দুই ৰাকাত তাহয়াতুল মাছজিদ পঢ়া মুস্তাহাব।
  2. এইটো কেৱল সেই ব্যক্তিৰ বাবে যিয়ে মছজিদত বহিব বিচাৰে। আনহাতে যদি কোনোবাই মছজিদত প্ৰৱেশ কৰি নবহাকৈ ওলাই আহে তেন্তে ইয়াৰ প্ৰয়োজন নাই।
  3. এইদৰে যেতিয়া কোনো মুচল্লীয়ে এনেকুৱা অৱস্থাত মছজিদত প্ৰৱেশ কৰে যেতিয়া জামাতত নামাজ হৈ আছে, তেতিয়াও এই দুই ৰাকাত পঢ়াৰ প্ৰয়োজন নাই।
অনুবাদ: ইংৰাজী উৰ্দু ইন্দোনেচিয়ান উইঘোৰ বাংলা তুৰ্কী বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী তামিল বাৰ্মিজ থাই পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া الولوف আজেৰি ইউক্ৰেইনীয়ান الجورجية
অনুবাদ চাওক
অধিক