عن عطاء بن يسار وأبي هريرة رضي الله عنه مرفوعاً: "اللهم لا تجعل قبري وثنا يُعبد، اشتد غضب الله على قوم اتخذوا قبور أنبيائهم مساجد".
[صحيحان] - [حديث عطاء بن يسار: رواه مالك.
حديث أبي هريرة رضي الله عنه: رواه أحمد]
المزيــد ...
‘আত্বা ইবনে ইয়াছাৰ আৰু আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা মৰফূ‘ হিচাপে বৰ্ণিত, "c2">“হে আল্লাহ! তুমি মোৰ কবৰক উপাসনাস্থল বনাই নিদিবা। আল্লাহৰ প্ৰকোপ-ক্ৰোধ সেই জাতিৰ ওপৰত, যিসকলে নিজৰ নবীৰ কবৰক ছাজদাৰ স্থান বনাই লৈছিল।” ছহীহ - ইয়াক আহমাদে বর্ণনা কৰিছে।
ছহীহ - ইয়াক ইমাম আহমদে বৰ্ণনা কৰিছে
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আশংকা কৰিছিল যে, তেখেতৰ কবৰকলৈও তেনেকৈয়ে সীমালংঘন কৰা হ’ব যিদৰে ইয়াহূদী-খ্ৰীষ্টানসকলে সিহঁতৰ নবীৰ কবৰকলৈ সীমালংঘন কৰিছিল। ফলত সেইবোৰ উপাসনা স্থলত পৰিণত হৈছিল। সেয়ে তেখেতে নিজ প্ৰতিপালকৰ ওচৰত আগ্রহ প্ৰকাশ কৰি আবেদন কৰিছিল যে, তেখেতৰ কবৰক যাতে এনেকুৱা মূৰ্ত্তিত পৰিণত কৰা নহয়। ইয়াৰ পিছত তেখেতে ইয়াহূদী আৰু খ্ৰীষ্টানসকলৰ ওপৰত কঠিন ক্রোধ আৰু অভিসম্পাত অৱতীৰ্ণ হোৱাৰ কাৰণ বৰ্ণনা কৰি কৈছে যে, সিহঁতে নিজৰ নবীসকলৰ কবৰকলৈ যিবোৰ কর্ম কৰিছিল, তাৰ ফলত সেইবোৰ মূৰ্ত্তিত পৰিণত হৈছিল, লগতে সিহঁতে তাওহীদৰ পৰিপন্থী মহা শ্বিৰ্কত লিপ্ত হৈছিল।