عن جابر رضي الله عنه أن رسول الله صلى الله عليه وسلم سئل عن النُّشْرَةِ؟ فقال: هي من عمل الشيطان.
[صحيح] - [رواه أبو داود وأحمد]
المزيــد ...

জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত: "c2">“ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক নুশ্বৰাহ সম্পৰ্কে প্ৰশ্ন কৰাত তেখেতে ক’লেঃ সেইটো হৈছে চয়তানৰ কাম”। ছহীহ – এই হাদীছটোক আবু দাঊদে বর্ণনা কৰিছে।
ছহীহ - ইয়াক আবু দাউদে বৰ্ণনা কৰিছে

ব্যাখ্যা

অজ্ঞতা যুগত যাদুগ্ৰস্থ ব্যক্তিক যিদৰে চিকিৎসা কৰা হৈছিল সেই বিষয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ’ল, উদাহৰণস্বৰূপে যাদুক যাদুৰ দ্বাৰা চিকিৎসা কৰা, এতেকে তেখেতে উত্তৰত ক’লেঃ এইটো হৈছে চয়তানৰ কৰ্ম বা চয়তানৰ মাধ্যমত সংগঠিত হোৱা কৰ্ম। কিয়নো, এইটো সাধাৰণতে বিভিন্ন প্ৰকাৰৰ যাদু আৰু চয়তানী কৰ্মৰ দ্বাৰা সম্পাদন কৰা হয়। এই সকলোবোৰ হৈছে শ্বিৰ্ক তথা হাৰাম। আনহাতে বৈধ নুশ্বৰাহ হৈছে জৰা-ফুঁকাৰ মাধ্যমত অথবা যাদু অনুসন্ধান কৰি সেইটো কোৰআন তিলাৱত কৰি হাতৰ দ্বাৰা বিনষ্ট কৰা অথবা বৈধ ঔষধৰ দ্বাৰা যাদুৰ চিকিৎসা কৰা।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি তাগালোগ হিন্দী ভিয়েতনামীজ ছিনহালী কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. যিকোনো ধৰণৰ সমস্যাৰ সমাধানৰ বাবে আলিমসকলক সোধ-পোচ কৰা উচিত, যাতে কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া নহয়।
  2. অজ্ঞতা যুগৰ লোকসকলে যিদৰে জৰা-ফুঁকা কৰিছিল, সেইদৰে জৰা-ফুঁকা কৰা নিষিদ্ধ। কিয়নো, এইটো হৈছে যাদু, আৰু যাদু হৈছে কুফৰী কৰ্ম।
  3. চয়তানৰ যাৱতীয় কৰ্মই হাৰাম।
অধিক