উপ-শ্ৰেণীবিন্যাসসমূহ

হাদীছৰ তালিকা

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক নুশ্বৰাহ সম্পৰ্কে প্ৰশ্ন কৰাত তেখেতে ক’লেঃ সেইটো হৈছে চয়তানৰ কাম।
عربي ইংৰাজী ফৰাচী
সেই ব্যক্তি আমাৰ উম্মতৰ অন্তর্ভুক্ত নহয়, যিয়ে কু-লক্ষণ বিশ্বাস কৰে বা যাৰ বাবে কু-লক্ষণ গ্রহণ কৰা হয় অথবা যিয়ে ভৱিষ্যত গণনা কৰে বা যাৰ বাবে গণনা কৰা হয় অথবা যিয়ে যাদু কৰে বা যাৰ বাবে কৰা হয়। (জানি থোৱা!) যি ব্যক্তিয়ে কোনো ভৱিষ্যৎ গণনাকাৰীৰ ওচৰলৈ আহে আৰু সি যি কয় তাক বিশ্বাস কৰে, সেই ব্যক্তি দৰাচলতে মুহাম্মদৰ ওপৰত অৱতীর্ণ হোৱা কোৰআনক অস্বীকাৰ কৰে।
عربي ইংৰাজী ফৰাচী
ফিৰিস্তাসকলে আল্লাহৰ বিধানসমূহ লৈ মেঘৰ ভিতৰত অৱতৰণ কৰে আৰু সেইবোৰৰ বিষয়ে আলোচনা কৰে, যিবোৰৰ সিদ্ধান্ত আকাশত লোৱা হৈছে। ইপিনে চয়তানে অতি সংগোপনে লুকাই থাকি সেই কথাবোৰ শুনে আৰু চয়তানে সেইখিনি কথা জ্যোতিষী তথা গণকসকলক জনাই দিয়ে। ইয়াৰ পিছত এই ভৱিষ্যদ্বাণী কৰা লোকসকলে নিজৰ ফালৰ পৰা আৰু এশটা মিছা কথা মিশ্ৰণ কৰি সেয়া প্রচাৰ কৰে।
عربي ইংৰাজী ফৰাচী
হে মানৱজাতি! ধৰ্মীয় ক্ষেত্ৰত সীমালংঘনৰ পৰা বিৰত থাকিবা, কাৰণ তোমালোকৰ পূৰ্বে যিসকল লোক অতিবাহিত হৈছে, সিহঁত ধৰ্মীয় ক্ষেত্ৰত সীমালংঘন কৰাৰ ফলতেই ধ্বংস হৈছে।
عربي ইংৰাজী ফৰাচী