عن أبي هريرة رضي الله عنه : أن رسول الله صلى الله عليه وسلم قال: «لا تجعلوا بيوتكم مَقَابر، إنَّ الشيطان يَنْفِرُ من البيت الذي تُقْرَأُ فيه سورةُ البقرة».
[صحيح] - [رواه مسلم]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, "c2">“তোমালোকে নিজৰ ঘৰসমূহক কবৰত পৰিণত নকৰিবা। নিশ্চয় চয়তান সেই ঘৰৰ পৰা পলায়ন কৰে যি ঘৰত ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা হয়”
ছহীহ - ইয়াক মুছলিমে বৰ্ণনা কৰিছে

ব্যাখ্যা

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৱে সংবাদ দিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নিজৰ ঘৰসমূহক কবৰস্থানত পৰিণত কৰিবলৈ নিষেধ কৰিছে, যিদৰে কবৰস্থানত নামাজ, কোৰআন তিলাৱত আদি কৰা নহয়, ঘৰো যাতে তেনেকুৱা স্থানত পৰিণত নহয়। যি ঘৰত চালাত আদায় কৰা নহয় সেই ঘৰক কবৰ বুলি আখ্যায়িত কৰা হৈছে। কাৰণ কবৰস্থানত চালাত আদায় কৰা বৈধ নহয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, যি ঘৰত তাৰ অধিবাসীসকলে ছুৰা বাক্বাৰাহ তিলাৱত কৰে সেই ঘৰৰ পৰা চয়তান পলায়ন কৰে। কাৰণ এই ছুৰাৰ তিলাৱতৰ বৰকতত আৰু ইয়াৰ মাজত থকা বিধি-বিধান অনুযায়ী আমল কৰাৰ কাৰণে চয়তানে তেওঁলোকক প্রতাৰণা আৰু গোমৰাহ কৰিব নোৱাৰি নিৰাশ হৈ গুচি যায়।

অনুবাদ: ইংৰাজী ফৰাচী স্পেনিচ তুৰ্কী উৰ্দু ইন্দোনেচিয়ান বোছনিয়ান ৰুচিয়ান বাংলা চাইনিজ ফাৰ্চি হিন্দী ভিয়েতনামীজ ছিনহালী উইঘোৰ কুৰ্দী হাউছা পুৰ্তুগিজ মালয়ালম তেলেগু ছাৱাহিলী তামিল বৰ্মী থাই জাৰ্মান জাপানিজ পুস্তু আল বানিয়ান السويدية الأمهرية الهولندية الغوجاراتية الدرية
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. ছুৰা বাক্বাৰাৰ ফজিলত বর্ণনা কৰা হৈছে।
  2. চয়তান সেই ঘৰৰ পৰা পলায়ন কৰে যি ঘৰত ছুৰা বাক্বাৰাহ তিলাৱত কৰা হয়। আনকি সেই ঘৰৰ ওচৰতো নাহে।
  3. কবৰস্থানত চালাত আদায় কৰা বৈধ নহয়।
  4. ঘৰত বেছি বেছি ইবাদত কৰা তথা নফল চালাত আদায় কৰা মুস্তাহাব।
অধিক