عَنْ عُقْبَةَ بْنِ عَامِرٍ رَضيَ اللهُ عنهُ قَالَ: قَالَ لِي رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«أُنْزِلَ -أَوْ أُنْزِلَتْ- عَلَيَّ آيَاتٌ لَمْ يُرَ مِثْلُهُنَّ قَطُّ، الْمُعَوِّذَتَيْنِ».

[صحيح] - [رواه مسلم] - [صحيح مسلم: 814]
المزيــد ...

উক্ববাহ বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মোৰ ওপৰত এনেকুৱা কিছুমান আয়াত অৱতীৰ্ণ হৈছে, যেনেকুৱা আয়াত পূৰ্বে কেতিয়াও দেখা যোৱা নাই। সেয়া হৈছে ছুৰা ফালাক্ব আৰু ছুৰা নাছ।"

[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 814]

ব্যাখ্যা

উক্ববা বিন আমিৰ ৰাদ্বিয়াল্লাহু আনহুৱে জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক জনাইছে যে, যোৱা ৰাতি আল্লাহে মোৰ ওপৰত এনেকুৱা কিছুমান আয়াত অৱতীৰ্ণ কৰিছে, (আশ্ৰয় প্ৰাৰ্থনা কৰাৰ ক্ষেত্ৰত) এনেকুৱা আয়াত ইতিপূৰ্বে দেখা হোৱা নাছিল। সেই দুটা হৈছে ছুৰা ফালাক্বা {قُلْ أَعُوذُ بِرَبِّ الْفَلَقِ} আৰু ছুৰা নাছ {قُلْ أَعُوذُ بِرَبِّ النَّاسِ}

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. এই দুটা ছুৰাৰ মহা ফজীলত বৰ্ণিত হৈছে।
  2. সকলো প্ৰকাৰ অনিষ্টৰ পৰা এই দুটা ছুৰাৰ জৰিয়তে আশ্ৰয় প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰা হৈছে।
অনুবাদ চাওক
ভাষা: الإنجليزية الإندونيسية البنغالية অধিক (40)
অধিক