عَنْ أَنَسِ بْنِ مَالِكٍ رَضيَ اللهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«مَنْ صَلَّى صَلاَتَنَا وَاسْتَقْبَلَ قِبْلَتَنَا وَأَكَلَ ذَبِيحَتَنَا فَذَلِكَ المُسْلِمُ الَّذِي لَهُ ذِمَّةُ اللَّهِ وَذِمَّةُ رَسُولِهِ، فَلاَ تُخْفِرُوا اللَّهَ فِي ذِمَّتِهِ».
[صحيح] - [رواه البخاري] - [صحيح البخاري: 391]
المزيــد ...
আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"যিয়ে আমাৰ দৰে চালাত আদায় কৰে, আমাৰ কিবলাৰ অনুসৰণ কৰে, আমি জবেহ কৰা জীৱৰ মাংস ভক্ষণ কৰে, তেৱেঁই হৈছে মুছলিম, যাৰ বাবে আল্লাহ আৰু তেওঁৰ ৰাছুলে দায়িত্ব লৈছে। গতিকে তোমালোকে আল্লাহৰ দায়িত্বত বিশ্বাসঘাতকতা নকৰিবা।"
[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 391]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে দ্বীনৰ প্ৰকাশ্য বিষয়বোৰ মানি চলিব, যেনে- আমাৰ দৰে নামাজ পঢ়িব, আমাৰ কিবলাৰ ফালে মুখ কৰিব আৰু আমি জবেহ কৰা পশুৰ মাংসক হালাল বুলি মানি ভক্ষণ কৰিব, সেই ব্যক্তিয়ে হৈছে মুছলিম। সেই ব্যক্তিৰ ক্ষেত্ৰত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালৰ পৰা নিৰাপত্তা আৰু অংগীকাৰ আছে। গতিকে তোমালোকে আল্লাহৰ নিৰপত্তা আৰু অংগীকাৰ ভংগ নকৰিবা।